ETV Bharat / bharat

মণিপুৰৰ দুজন বিচ্ছিন্নতাবাদী নেতাৰ বেংক একাউণ্ট অনিৰ্দিষ্টকাললৈ ফ্ৰীজ কৰাৰ নিৰ্দেশ চৰকাৰৰ

মণিপুৰৰ সকলো বেংককে দুজন বিচ্ছিন্নতাবাদী নেতা য়াবমেন বিৰেন আৰু নাৰেঙ্গবাম সমৰজিতৰ বেংক একাউণ্ট অনিৰ্দিষ্টকাললৈ ফ্ৰীজ কৰাৰ নিৰ্দেশ দিয়ে মণিপুৰ চৰকাৰে ৷

মণিপুৰৰ দুজন বিচ্ছিন্নতাবাদী নেতাৰ বেংক একাউণ্ট অনিৰ্দিষ্টকাললৈ ফ্ৰীজ কৰাৰ নিৰ্দেশ চৰকাৰৰ
author img

By

Published : Nov 3, 2019, 8:48 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰঃ মণিপুৰৰ সকলো বেংককে চৰকাৰে দুজন বিচ্ছিন্নতাবাদী নেতাৰ বেংক একাউণ্ট অনিৰ্দিষ্টকাললৈ ফ্ৰীজ কৰাৰ নিৰ্দেশ দিয়ে ৷ যিয়ে সদ্যহতে লণ্ডনত মণিপুৰ চৰকাৰক নিৰ্বাসন দিয়াৰ কথা ঘোষণা কৰিছে ৷ শুক্ৰবাৰে এই সম্পৰ্কত বিশেষকৈ গৃহ সচিব কে.এইচ ৰঘুমণি সিঙে কয় যে, য়াবমেন বিৰেন আৰু নাৰেঙ্গবাম সমৰজিৎ নামৰ বিচ্ছিন্নতাবাদী নেতা দুজনৰ বেংক একাউণ্ট অতি শীঘ্ৰেই ফ্ৰীজ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ লগতে সিঙে কয় যে, অপৰাধমুলক কামত একাউণ্ট দুটাৰ পৰা লেন-দেন হোৱাৰ সন্দেহ কৰি দুয়োটো একাউণ্ট ফ্ৰীজ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷

লণ্ডনত এখন সংবাদমেল সম্বোধন কৰি য়াবমেন বিৰেনে মণিপুৰ পৰিষদৰ মুখ্যমন্ত্ৰী হোৱাৰ দাবী কৰে আৰু নাৰেঙ্গবাম সমৰজিতে মণিপুৰ পৰিষদৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ দাবী উত্থাপন কৰে ৷ এই সংবাদমেলতে দুয়োগৰাকীয়ে মণিপুৰ চৰকাৰক নিৰ্বাসন দিয়াৰ কথাও ঘোষণা কৰাৰ লগতে মণিপুৰৰ ৰজায়েও এইক্ষেত্ৰত মতামত প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷ ইফালে মণিপুৰৰ ৰজা লেইশ্বেম্বা চানাজাওবাই এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰি কয় যে, এই সম্পৰ্কত তেওঁ কোনোধৰণে জড়িত নহয় ৷

ইয়াৰ পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে কৈছিল যে, দুয়োৰে বিৰুদ্ধে ৰাজদ্ৰোহৰ অপৰাধত ইতিমধ্যেই ইম্ফল থানাত গোচৰ ৰুজু কৰা হৈছিল ৷ ইয়াৰোপৰি এই বিষয়ে NIA ক দায়িত্ব দিয়াৰ পূৰ্বে এটা বিশেষ তদন্তকাৰী সংস্থাক অনুসন্ধানৰ দায়িত্ব প্ৰদান কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে ৷ তেওঁ আশ্বাস প্ৰদান কৰে যে, বিচ্ছিন্নতাবাদী নেতা দুগৰাকীৰ বিষয়টোৰ লগতে ছালাই হোল্ডিং প্ৰাইভেট লিমিটেডৰ বিষয়টোও অতি শীঘ্ৰেই তদন্ত কৰা হ’ব ৷

আৰু পঢ়কঃ বিক্ৰম লেণ্ডাৰৰ অৱতৰণ সম্পৰ্কত প্ৰচেষ্টা অব্যাহত আছে : কে. শিৱন

Intro:Body:

MANIPUR

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.