ETV Bharat / bharat

দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসম কন্যা মনালিছা বৰুৱা মেহতা - টীম ইণ্ডিয়া

ক্ৰীড়া পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা দেশৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন 12 জনীয়া কমিটীখনত সদস্য হিচাপে আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ, টীম ইণ্ডিয়া হকীৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং, পেৰা এথলেটিকছৰ দীপা মালিক ৷

manalisha baruah Mehta included in 12 member selection committee for national sports awards
দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসম কন্যা মনালিছা বৰুৱা মেহতা
author img

By

Published : Aug 2, 2020, 9:19 AM IST

নিউজ ডেস্ক, 2 আগষ্ট : অসমৰ ক্ৰীড়া জগতৰ বাবে সু-খবৰ । ২০২০ চনৰ ভাৰতবৰ্ষৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত স্থান লাভ কৰিছে অসম কন্যা মনালিছা বৰুৱা মেহতাই । দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে গঠন কৰে কমিটীখন ।

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকণ্ডকা শৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে ঘোষণা কৰা হয় ক্ৰীড়া পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা দেশৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন কমিটীখন । কমিটীখনত মনালিছা বৰুৱা মেহতাৰ লগতে আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ, টীম ইণ্ডিয়া হকীৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং, পেৰা এথলেটিকছৰ দীপা মালিক, বক্সিঙৰ ভেংকটেছন দেৱৰাজন, ছাইৰ সঞ্চালক প্ৰধান সন্দীপ প্ৰধান, ক্ৰীড়া মন্ত্ৰণালয়ৰ যুটীয়া সচিব এল এছ সিং, টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেশ ৰাজাগোপাল, ক্ৰীড়া ধাৰাভাষ্যকাৰ মনীষ বাটাভিয়া, ক্ৰীড়া সাংবাদিক আলোক সিনহা আৰু নীৰু ভাটিয়া ।

মনালিছা বৰুৱা মেহতাই 1986 চনৰ ছিউল এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । 1987 চনত তেওঁ অৰ্জুন বঁটা লাভ কৰে । মনালিছা বৰুৱা অৰ্জুন বঁটাৰে সন্মানিত দ্বিতীয় অসমীয়া আৰু একমাত্ৰ অসমীয়া মহিলা । উল্লেখ্য যে, হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিনৰ লগত সংগতি ৰাখি 29 আগষ্টৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত পুৰস্কাৰসমুহ প্ৰদান কৰা হয় ।

লগতে পঢ়ক : নেপালৰ মানচিত্ৰত অন্তৰ্ভুক্ত ভাৰতৰ তিনিটা অংশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.