নিউজ ডেস্ক, 22 এপ্ৰিলঃ বেংগালুৰুৰ এটি ব্যক্তিগত কোম্পানীত কাম কৰা এজন লোকে বেংগালুৰৰ পৰা বিজয়াপুৰালৈ খোজকাঢ়ি ঘৰলৈ যোৱাৰ চেষ্টা কৰে । মল্লিকাৰ্জুনা গুৰুমথ নামৰ নামৰ ব্যক্তিজনে তিনিদিন ধৰি 400 কিলোমিটাৰ খোজ কঢ়াৰ অন্তত গড়ক জিলাৰ মুনডাৰ্গী চহৰত উপস্থিত হয় ।
লোকজন সন্ধানহীন বুলি চুব্ৰমান্য নগৰ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল । আৰক্ষীয়ে লোকজনক মুনডাৰ্গী চহৰত প্ৰত্যক্ষ কৰে । তিনি দিন খোজকাঢ়ি মানসিক আৰু শাৰিৰীকভাৱে ভাগৰুৱা হৈ পৰা লোকজনক আৰক্ষীয়ে প্ৰথমে চিকিৎসাৰ ব্যৱস্থা কৰোৱাই আৰু পাচত চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ সুবিধা কৰি দিয়ে ।
দেশব্যাপী চলা লক ডাউনত লোকজন বাংগালুৰুত আবদ্ধ হৈ আছিল । যাতায়তৰ কোনো সুবিধা নথকাত খোজ কাঢ়িয়েই ঘৰলৈ বুলি বাট বুলিছিল লোকজনে ।
লগতে পঢ়কঃ লক ডাউনঃ গৰ্ভৱতী কন্যাক চাবলৈ নিজৰা পাৰ হওতেই কৰুণ মৃত্যু পিতৃৰ