ৰাজস্থান, 28 মে': বুধবাৰে ৰাজস্থানৰ চুৰু জিলাত উত্তপ্ত বালিত পাপড় সেকিলে এজনে । ৰাজস্থানৰ চুৰু জিলাত বুধবাৰে সৰ্বোচ্চ উষ্ণতা আছিল 50.8 ডিগ্ৰী ছেলছিয়াছ ৷
উল্লেখ্য় যে, 2010 চনৰ পিচত এই অঞ্চলটোত এয়াই হৈছে সৰ্বোচ্চ তাপমাত্ৰা । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ 16 এপ্ৰিলত সৰ্বাধিক 46.4 ডিগ্ৰী হোৱাৰ বিপৰীতে অঞ্চলটোৰ বৰ্তমানলৈকে সৰ্বনিম্ন তাপমাত্ৰা হৈছে 30.8 ডিগ্ৰী ছেলছিয়াছ ।
আনহাতে মৰুভূমি ৰাজ্য়খনৰ মুখ্য় অংশ সমূহত পাৰা ৪০ ৰ পৰা ৪৬ ডিগ্ৰী ছেলছিয়াছৰ মাজত পঞ্জীয়ণ কৰা হৈছে যদিও ইয়াৰ নূন্যতম তাপমাত্ৰা সামান্য তাপমাত্ৰতকৈ কিছু বেছি বুলি ধাৰ্য কৰা হৈছে ।