ETV Bharat / bharat

তামিলনাডুৰ এখন চিকিৎসালয়ৰ মৰ্গত জীৱিত অৱস্থাত উদ্ধাৰ মৃত ঘোষিত ব্যক্তি

বালাসুব্ৰমনিয়াম কুমাৰ নামৰ এগৰাকী 74 বৰ্ষীয় লোকক তামিলনাডুৰ চালেম চৰকাৰী হাস্পতালত চিকিৎসকে প্ৰদান কৰা মৃত্য়ুৰ প্ৰমাণ পত্ৰৰ পাচত মৰ্গত প্ৰেৰণ কৰা হৈছিল ৷ ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ ৷

author img

By

Published : Oct 16, 2020, 7:23 PM IST

তামিলনাডুৰ এখন চিকিৎসালয়ৰ মৰ্গত জীৱিত অৱস্থাত উদ্ধাৰ মৃত ঘোষিত ব্যক্তি
তামিলনাডুৰ এখন চিকিৎসালয়ৰ মৰ্গত জীৱিত অৱস্থাত উদ্ধাৰ মৃত ঘোষিত ব্যক্তি

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: তামিলনাডুৰ চালেম চৰকাৰী হাস্পতালত মৃত্যুক সাৱটি লৈছিল এগৰাকী 74 বৰ্ষীয় লোকে ৷ কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয় খনৰ মৰ্গত লোকগৰাকী জীৱিত অৱস্থাত পোৱা যায় বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

বালা সুব্ৰমনিয়াম কুমাৰ নামৰ এগৰাকী লোকক 12 অক্টোবৰত তেওঁৰ জ্যেষ্ঠ ভাতৃ সৰবননে দিয়া নিৰ্দেশ অনুসৰি কেবিনেটত ৰখা হৈছিল ৷ সৰবননে দাবী কৰা অনুসৰি, তেওঁৰ ভাতৃয়ে তেওঁৰ কান্ধানপাট্টীস্থিত বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

যেতিয়াই আন্দাৰটেকাৰ সকলে মৃতদেহটো ল'বলৈ আহে তেতিয়া দেখে যে, কেবিনেটৰ ভিতৰত তেওঁ লৰচৰ কৰি আছিল ৷ সৰবননে কয় যে, তেওঁৰ ভাতৃৰ আত্মাই শৰীৰ ত্যাগ কৰিবলৈ চেষ্টা কৰিছে যাৰ বাবে শৰীৰটোৱে লৰচৰ কৰি আছিল ৷

আন্দাৰটেকাৰ কেইগৰাকীয়ে আৰক্ষীক অৱগত কৰে আৰু স্বাস্থ্য বিভাগৰ বিষয়া মালাৰভিজিয়ে কৰা অনুসন্ধানত গম পোৱা যায় যে, বালাসুব্ৰমনিয়ামক এগৰাকী চিকিৎসাকে মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পাচত কেবিনেটত ৰখা হৈছিল ৷

আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অৱহেলা কৰাকে ধৰি দুটাকৈ ধাৰাৰ অধীনত সৰবনন, চিকিৎসালয় কৰ্তৃপক্ষ আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা চিকিৎকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ সোলাপুৰত প্ৰলয়ংকাৰী বানত ১৪জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.