ETV Bharat / bharat

তিনি বছৰীয়া কন্যাশিশুক যৌন নিৰ্যাতন চলালে প্ৰতিবেশীয়ে

author img

By

Published : Oct 24, 2020, 10:38 PM IST

তিনিবছৰীয়া কন্যাশিশুক যৌন নিৰ্যাতন চলালে প্ৰতিবেশীয়ে ৷ শুকুৰবাৰে দুৰ্গাপূজাৰ পেণ্ডেলত খেলি আছিল শিশুটিয়ে ৷ তেনে সময়তে এজন অট’চালকে অট’ত ফুৰাবলৈ নিয়াৰ প্ৰলোভন দি ফুচুলাই লৈ যায় শিশুটিক ৷ মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে এই ঘটনা ৷

গোৱালিয়ৰ
গোৱালিয়ৰ

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে এক নাৰকীয় ঘটনা ৷ তিনিবছৰীয়া কন্যাশিশুক যৌন নিৰ্যাতন চলালে প্ৰতিবেশীয়ে ৷ শুকুৰবাৰে দুৰ্গাপূজাৰ পেণ্ডেলত খেলি আছিল শিশুটিয়ে ৷ তেনে সময়তে এজন অট’চালকে অট’ত ফুৰাবলৈ নিয়াৰ প্ৰলোভন দি ফুচুলাই লৈ যায় শিশুটিক ৷ তাৰ পাচত অ’টতেই নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰি পুনৰ কন্যাগৰাকীক পেণ্ডেলত এৰি থৈ যায় অট’চালক জনে ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, যেতিয়া শিশুটি ঘৰলৈ যায়, পৰিয়ালৰ লোক শিসুটিৰ অৱস্থা দেখি আৰক্ষীক খবৰ দিয়ে ৷ তৎক্ষণাত শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে যৌন নিৰ্যাতনৰ বলি হোৱাৰ কথা নিশ্চিত কৰে ৷ এই ঘটনাৰ পাচতেই অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে অভিযুক্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে ৷ অভিযুক্ত অট’চালক জনৰ বিৰুদ্ধে পূৰ্বতেও আছে দুটা অপৰাধৰ গোচৰ ৷

লগতে পঢ়ক : দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.