নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী : কপিল নামৰ এক বন্ধুকধাৰীয়ে শনিবাৰে শ্বাহীন বাগত মুকলিকৈ গুলীচালনা কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মাজতে বন্ধুকধাৰী যুৱকে দুই জাঁই গুলীচালনা কৰে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে যুৱকজনক আটক কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷
বিয়লি 4:53 বজাত সংঘটিত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, শ্বাহীন বাগৰ এটা অঞ্চলত এমাহ ধৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছে ৷ আনহাতে, বৃহস্পতিবাৰে জামিয়া বিশ্ববিদ্যালয় এলেকাত অন্য এজন বন্ধুকধাৰীয়ে গুলীচালনা কৰাৰ ফলত জামিয়াৰ এজন ছাত্ৰ আঘাতপ্ৰাপ্ত হৈছিল ৷ এই বন্ধুকধাৰীজন কিশোৰ হোৱাৰ লগতে গ্ৰেটাৰ নয়ডাৰ জেৱাৰ অঞ্চলৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ ঘটনা সংঘটিত কৰাৰ পাচতে তেওঁক আটক কৰি আৰক্ষীয়ে জেৰা কৰে বুলি জানিব পৰা গৈছে ৷
এই ঘটনাৰ ফলত জামিয়া বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ফাৰুক নামৰ এজন ছাত্ৰৰ বাওঁ হাতত গুলী লাগিছিল ৷
আৰু পঢ়ক : নিজৰে অভিলেখ ভংগ কৰি সীতাৰমণে প্ৰদান কৰিলে দীৰ্ঘতম বাজেট বক্তব্য