নিউজ ডেস্ক, 17 অক্টোবৰ: পুনৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱালে এজনে ৷ এই ঘটনা সংঘটিত হৈছে কলিকতাৰ দক্ষিণ 24 পৰগাণা জিলাত ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, মঙলবাৰে নিশা বকিউল্লা মোল্লা নামৰ লোক এজনে চতুলিয়া বজাৰ নামৰ এখন ঠাইত মনিৰুল ইছলাম বিশ্বাস নামৰ লোক এজনৰ ওপৰত চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৷ ফলত গুৰুত্বৰভাৱে আহত হয় মনিৰুল ইছলাম বিশ্বাস ৷
উক্ত ঠাইখনৰ লোকসকলৰ মাজত অতি জনপ্ৰিয় মনিৰুলক প্ৰহাৰ কৰাৰ অভিযোগত বকিউল্লা মোল্লাক খেদি খেদি প্ৰহাৰ কৰে স্থানীয় ৰাইজে ৷ ৰাইজৰ প্ৰহাৰত সংকটজনক হৈ পৰে মোল্লাৰ শাৰিৰীক অৱস্থা ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত দুয়োজন লোকক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইতিমধ্যে মৃত্যু ঘটিছে বকিউল্লা মোল্লাৰ ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷