ETV Bharat / bharat

ঘৰত সোমাই থাকিবলৈ কৈ মৃত্যুক সাৱটিলে ঝাৰখণ্ডৰ এগৰাকী ব্যক্তিয়ে - Jharkhand lockdown

লকডাউনৰ বাবে ঘৰত সোমাই থাকিবলৈ অনুৰোধ জনোৱাই কাল হ'ল এগৰাকী ব্যক্তিৰ ৷ ঝাৰখণ্ডৰ পলামোত দুই ফৈদৰ মাজত হতাহতি ৷ নিহত 1,আহত 13 ৷ 4 যুৱকৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ ৷

Lockdown
ঘৰত সোমাই থাকিবলৈ কৈ মৃত্যুক সাৱটিলে ঝাৰখণ্ডৰ এগৰাকী ব্যক্তিয়ে
author img

By

Published : Mar 26, 2020, 2:39 PM IST

নেশ্যনেল ডেক্স: লক ডাউন জাৰি থকাৰ সময়তে ঝাৰখণ্ডৰ পলামো জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ দুই ফৈদৰ মাজত হোৱা কাজিয়াৰ পৰিণতিত মৃত্যুক সাৱটিলে 45 বছৰীয়া এগৰাকী ব্যক্তিয়ে ৷ ইয়াৰ লগতে হতাহতিৰ ফলত আহত হয় 13 জনকৈ লোক ৷

ঘৰত সোমাই থাকিবলৈ কৈ মৃত্যুক সাৱটিলে ঝাৰখণ্ডৰ এগৰাকী ব্যক্তিয়ে

ঘটনা অনুসৰি, লক ডাউনৰ সময়তে ঘৰৰ পৰা বাহিৰলৈ ওলাই ঘূৰি ফুৰা 4 যুৱকক ঘৰৰ ভিতৰতে থাকিবলৈ অনুৰোধ জনাইছিল অঞ্চলটোৰ দুগৰাকী ব্যক্তিয়ে আৰু তাতে সূত্ৰপাত হয় কাজিয়াৰ ৷ কাজিয়াৰ চৰম পৰিণতিৰ ফলস্বৰূপে মৃত্যুক সাৱটি ল'ব লগা হয় কাশী ছাউ নামৰ 45 বছৰীয়া ব্যক্তিগৰাকীয়ে ৷

লগতে পঢ়িবলৈ নাপাহৰিবঃতলাবন্ধৰ মাজতেই গোলাঘাটত বিয়াৰ যা-যোগাৰ

আৰক্ষীৰ এক সূত্ৰ অনুসৰি, হতাহতিত গুৰুতৰভাৱে আহত কাশী ছাউক প্ৰথমে পটন সামূহিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে পলামো অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু চিকিৎসালয়তে মৃত্যুক সাৱটি ল'ব লগা হয় ব্যক্তিগৰাকীয়ে ৷

ইতিমধ্যে কাজিয়াত লিপ্ত চাৰিওগৰাকী যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.