নেশ্যনেল ডেস্ক, 2 মাৰ্চঃ দেওবাৰে ত্ৰিপুৰাৰ গকুলনগৰৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত এজন লোকক 7.5 কোটি টকা মূল্যৰ 1.5 লাখ ইয়াবা টেবলেটসহ আটক কৰি ৰখা হয় বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷ অসম সোণামুৰা সিমান্তৰে সৰবৰাহ কৰা হয় ইয়াবা টেবলেট ৷
গকুলনগৰৰ বিএছএফৰ উপ-মহাপৰিদৰ্শক প্ৰকাশ কৰে যে, এক বিশেষ সূত্ৰৰ পৰা এই য়াবা টেবলেটৰ সৰবৰাহৰ উমান পোৱা গৈছিল ৷ আৰক্ষীৰ সহযোগত বিএছএফৰ এক বিশেষ অভিযানত আন্তঃৰাষ্ট্ৰীয় বজাৰত 7.5 কোটি টকা মূল্যৰ 1.5 লাখ য়াবা টেবলেট জব্দ কৰা হয় ৷
উল্লেখ্য যে জাহিদ হুছেইন নামৰ এগৰাকী ধৃত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বাহনসহ চালকজনক আটক কৰা বুলি উপ-মহাপৰিদৰ্শকগৰাকীয়ে প্ৰকাশ কৰে ৷
আৰু পঢ়কঃএগৰাকী কাৰ্বি তনয়াৰ বিশ্বমুখী যাত্ৰা