নিউজ ডেস্ক, ১৭ জুনঃ দিল্লীৰ হজৰত নিজামুদ্দিন অঞ্চলত গণপ্ৰহাৰত মৃত্যু হয় এজন ব্যক্তিৰ । ম'বাইল চুৰি কৰাৰ অভিযোগতে ব্যক্তি গৰাকীক মৰিয়াই মৰিয়াই হত্যা কৰে বুলি সদৰি কৰে আৰক্ষীয়ে ।
আনহাতে,ঘটনা সন্দৰ্ভত চৰায় কালে খান নিবাসী মেহতাব নামৰ ৪১ বছৰীয়া এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ ভাষ্য অনুসৰি,মঙলবাৰে প্ৰায় ১ বজাত সংঘটি হয় এই ঘটনা । গৌতম নামৰ ব্যক্তি গৰাকীক ম'বাইল চুৰ কৰাৰ অভিযোগতে মেহতাবসহ একাংশই মৰিয়াই মৰিয়াই হত্য়া কৰে বুলি সদৰি কৰে আৰক্ষীয়ে ।
আনহাতে,ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰে যে,ডিডিএ পাৰ্কৰ বাবা ভুৰেশ্বাহ দৰগাহত হত্যাকাণ্ড সংঘটিত হয় বুলি খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱা পাচতে উদ্ধাৰ কৰে এটি মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো গৌতমপুৰী অঞ্চলৰ গৌতম বুলি চিনাক্ত কৰে আৰক্ষীয়ে । আনহাতে,মৃতদেহটোৰ বুকু আৰু পিঠিত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলি সদৰি কৰে আৰক্ষী বিষয়া গৰাকীয়ে ।
লগতে চাওকঃ কামপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত প্ৰতিবাদ