ETV Bharat / bharat

কৰ'ণা সম্পৰ্কত পশ্চিমবংগত কঠোৰ মমতা বেনাৰ্জী

author img

By

Published : Mar 24, 2020, 10:10 AM IST

সোমবাৰে সন্ধিয়া 5 বজাৰ পৰা 27 মাৰ্চৰ মাজনিশালৈ ৰাজ্যখনৰ আংশিক এলেকাত তলা বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

কৰ'ণা সম্পৰ্কত পশ্চিমবংগত কঠোৰ মমতা বেনাৰ্জী
কৰ'ণা সম্পৰ্কত পশ্চিমবংগত কঠোৰ মমতা বেনাৰ্জী

কলকাতা, 24 মাৰ্চঃ সমগ্ৰ দেশৰ লগতে কৰ'ণাই জোকাৰি গৈছে পশ্চিমবংগকো ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যবাসীক চৰকাৰে ঘোষণা কৰা তলা বন্ধ কাৰ্যসূচীৰ সময়ছোৱাত ৰাইজক ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে ৷ জৰুৰী নহ'লে কোনো লোককে ঘৰৰ পৰা বাহিৰ হ'বলৈ বাধা আৰোপ কৰা হৈছে ৰাজ্যখনত ৷ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এই ক্ষেত্ৰত ৰাইজক চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

পশ্চিমবংগ চৰকাৰে COVID-19 প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে৷ এই ক্ষেত্ৰত জনসাধাৰণৰ সৈতে পাৰস্পৰিক সহযোগিতাৰে আগবাঢ়িলেহে সফল হ'ব পৰা যাব বুলি টুইটাৰযোগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সোমবাৰে সন্ধিয়া 5 বজাৰ পৰা 27 মাৰ্চৰ মাজনিশালৈ ৰাজ্যখনৰ আংশিক এলেকাত তলা বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে,পশ্চিমবংগত সোমবাৰে এজন লোকৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে আন 6 জন লোক আক্ৰান্ত তথ্য পোৱা গৈছে ৷

লগতে চাওকঃ COVID-19 : বিদেশত মৃত্যু দুই ভাৰতীয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.