ETV Bharat / bharat

COVID-19ৰ পৰিৱৰ্তে কেন্দ্ৰ আৰু ৰাজ্যপাল বিৰোধী যুঁজত ব্যস্ত মমতা : দিলীপ ঘোষ - COVID-19ৰ পৰিৱৰ্তে কেন্দ্ৰ আৰু ৰাজ্যপাল বিৰোধী যুঁজত ব্যস্ত মমতা

পশ্চিম বংগৰ অধ্যক্ষ দিলীপ ঘোষে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি, ৰাজ্যত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিফল হৈছে বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি ৰাজ্যখনৰ সংকট কালত মুখ্যমন্ত্ৰী গৰাকীয়ে সংকটৰ বিৰুদ্ধে যুঁজ নিদি, ক্ষুদ্ৰ ৰাজনীতি কৰি আছে বুলিও অভিযোগ কৰে ৷

দিলীপ ঘোষ
দিলীপ ঘোষ
author img

By

Published : Jul 17, 2020, 2:17 PM IST

নেশ্যনেল ডেস্ক, 17 জুলাই : পশ্চিম বংগৰ বিজেপিৰ অধ্যক্ষ দিলীপ কুমাৰ ঘোষে বৃহস্পতিবাৰে কয় যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এনে সময়ত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্যপালৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত ৷ যিটো সময়ত তেওঁ যুঁজ দিব লাগিছিল COVID-19 মহামাৰীৰ বিৰুদ্ধে ৷

ঘোষে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "COVID-19 আৰু ঘূৰ্ণীবতাহ আমফানৰ ফলত সৃষ্টি হোৱা আতংকই পশ্চিম বংগত গভীৰ সংকটৰ সৃষ্টি কৰিছে ৷ জনসাধাৰণ ইয়াৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে ৷ যিসময়ত COVID-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় আহি পৰিছে সেই সময়ত, মমতা বেনাৰ্জীয়ে ৰাজ্যপাল আৰু কেন্দ্ৰৰ বিৰুদ্ধে যুঁজি দি আছে ৷"

ইয়াৰোপৰি পশ্চিম বংগৰ বিজেপি অধ্যক্ষ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, আৰক্ষীয়েও সমাজৰ লোকৰ বাবে কাম কৰাৰ বিপৰীতে তেওঁৰ দলৰ কৰ্মকৰ্তাসকলক অনুসৰণ কৰিবৰ বাবেহে কাম কৰি আছে ৷

তেওঁ কয়, "লোকৰ সেৱাৰ হকে কাম কৰিবলগীয়া ৰাজ্যৰ আৰক্ষীয়ে বিজেপিক অনুসৰণ কৰি আছে ৷ তেওঁ (মমতা বেনাৰ্জী)ৰ গুন্দা বাহিনীয়ে আমাৰ দলীয় কৰ্মকৰ্তাসকলক হত্যা কৰি আছে ৷ এগৰাকীও বিধায়ক সুৰক্ষিত নহয় ৷ মমতা বেনাৰ্জীয়ে আমাক বিফল কৰি দিছে ৷"

বৃহস্পতিবাৰৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলো ৰাজনৈতিক দল আৰু বাণিজ্য সংস্থাক বিজেপি আৰু আৰু কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আবেদন কৰে আৰু অভিযোগ কৰে যে, কেন্দ্ৰ চৰকাৰে COVID-19ৰ জৰিয়তে লাভ অৰ্জন কৰি আছে ৷

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে ৰাজ্যাপাল জগদীপ ধনকাড়ক বিজেপিৰ মুখপাত্ৰ বুলি অভিযোগ উত্থাপন কৰিছিল ৷

ৰাজ্যপাল জগদীপ ধনকাড়ে বৃহস্পতিবাৰে কয়, "ৰাজ্যখনত শিক্ষা ব্যৱস্থা ৰাজনৈতিক মেৰপেছত বন্দী আৰু ৰাজনৈতিকভাৱেই ইয়াক নিয়ন্ত্ৰণ কৰি থকা হৈছে ৷" বুধবাৰে বিশ্ববিদ্যালয় সমূহৰ 23 গৰাকী উপাচাৰ্যই এক ভিডিঅ' কনফাৰেঞ্চত অংশগ্ৰহণ কৰাত বিফল হোৱাৰ পাচত এই মন্তব্য কৰা হৈছিল ৷

লগতে পঢ়ক: প্ৰাচীন তামিল গ্ৰন্থ 'তিৰুক্কুৰল' পঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক জনালে আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.