নিউজ ডেস্ক, 1 ছেপ্তেম্বৰঃ শনিবাৰে প্ৰকাশ পোৱা জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ এন আৰ চি সম্পৰ্কত চূড়ান্ত তালিকাৰ পৰা যথেষ্ট সংখ্যক প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰা কথাটোৱে মুখ্যমন্ত্ৰী গৰাকীক আচম্বিত কৰি তোলা বুলি মন্তব্য কৰে বেনাৰ্জীয়ে ৷ তেওঁ লগতে এন আৰ চিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এক ব্যৰ্থতা আৰু প্ৰহসনলৈ পৰিণত হোৱাৰ অভিযোগ তুলি চূড়ান্ত তালিকাৰ পৰা সেনা জোৱানৰ পৰিয়ালকে আদি কৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমদৰ পৰিয়ালৰ নাম কৰ্তন হোৱা কথাটোত নিজৰ উদ্বিগ্নতা ব্যক্ত কৰে লগতে চূড়ান্ত তালিকাৰ পৰা 1 লাখ গোৰ্খা লোকৰ নাম কৰ্তনৰ প্ৰসংগত চৰকাৰৰ স্থিতিক সমালোচনা কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকৃত ভাৰতীয়সকলৰ নাম যাতে কোনো কাৰণতে চূড়ান্ত তালিকাৰ পৰা বাদ নপৰে তাৰ বাবে চৰকাৰক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ৷