নিউজ ডেস্ক, 3 জুনঃ ভাৰতৰ পৰা পলায়ন কৰা বিতৰ্কিত ব্যৱসায়ী বিজয় মালিয়াক অচিৰেই ভাৰতলৈ উভতায় অনা হ'ব বুলি দাবী কৰিছে এক উচ্চস্তৰীয় চৰকাৰী সূত্ৰই ।
বুধবাৰে এনফৰ্ছমেন্ট বিভাগে জনোৱা অনুসৰি লণ্ডণৰ সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে মালিয়াৰ এক আবেদন । তাৰ পিচতেই মালিয়াক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে প্ৰয়োজনীয় সকলো আইনী প্ৰক্ৰিয়াৰো সমাপন কৰা হয়। এনফৰ্চমেন্ট বিভাগৰ এক সূত্ৰই IANSৰ আগত কয় যে,"অনাগত দিন কেইটাৰ ভিতৰত যি কোনো মুহূৰ্ততে আমি মালিয়াক ভাৰতলৈ লৈ আহিম।"
ভাৰতলৈ আনিয়েই মালিয়াক প্ৰথমে CBIয়ে নিজৰ জিম্মাত ৰাখিব । উল্লেখ্য যে, 14 মে'ৰ দিনা বিজয় মালিয়াই বৃটেইনৰ সৰ্বোচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল । কিন্তু এই আবেদন খাৰিজ কৰে বৃটেইনৰ সৰ্বোচ্চ ন্যায়ালয়ে । সেয়ে তাৰ পৰৱৰ্তী 28 দিনৰ ভিতৰত মোডী চৰকাৰে মালিয়াক ভাৰতলৈ অনাৰ পথ প্ৰশস্ত হৈ পৰে ।
9000 কোটি টকীয়া কেলেংকাৰীৰ বাবে মালিয়াই 2016 চনত ভাৰতৰ পৰা পলায়ন কৰিছিল । ব্যৱসায়ী মালিয়াৰ বিৰুদ্ধে ভাৰতত আছে কেবাইটাও ঠগ-প্ৰৱঞ্চনাৰ গোচৰ ।
লগতে চাওকঃ ২-৬ দিনৰ ভিতৰত কৰ'ণা ৰোগীক সুস্থ কৰি তোলাৰ দাবী এজন উদ্ভাৱকৰ