ETV Bharat / bharat

মালেগাঁৱৰ বিস্ফোৰণৰ ঘটনা : অভিযুক্তক NIAৰ বিশেষ আদালতত হাজিৰৰ নিৰ্দেশ

author img

By

Published : Dec 19, 2020, 6:41 PM IST

শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ পিছতো শনিবাৰে শুনানিৰ সময়ত NIAৰ বিশেষ আদালতত হাজিৰ নহ'ল ২০০৮ চনৰ মালেগাঁৱৰ বোমা বিস্ফোৰণৰে জড়িত অভিযুক্ত । আদালতৰ নিৰ্দেশক অৱমাননা কৰাত অসন্তুষ্টি প্ৰকাশ কৰি অহা ৪ জানুৱাৰীত আটাইকেইজন অভিযুক্তক NIAৰ বিশেষ আদালতত হাজিৰৰ নিৰ্দেশ দিয়ে ।

মালেগাঁৱৰ বিস্ফোৰণৰ ঘটনাঃ ৪ জানুৱাৰীত অভিযুক্তক NIAৰ বিশেষ আদালতত হাজিৰৰ নিৰ্দেশ

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : শনিবাৰে ২০০৮ চনত মালেগাঁৱত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ শুনানিত অভিযুক্ত শাৰীৰিকভাৱে উপস্থিত নথকাত আদালতে অসন্তুষ্টি ব্যক্ত কৰে । মুম্বাইত থকা NIA-ৰ বিশেষ আদালতে অহা ৪ জানুৱাৰীত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে । মুঠ ৭ জন অভিযুক্তৰ ভিতৰত শনিবাৰে ৪ জন অভিযুক্তহে আদালতত উপস্থিত থাকে । ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে হোৱা এক শুনানিত মাত্ৰ তিনিজন অভিযুক্ত লেফটেনেণ্ট কৰ্ণেল প্ৰসাদ শ্ৰীকান্ত পুৰোহিত, সমীৰ কুলকাৰ্ণী আৰু অজয় ৰাহিৰকাৰহে উপস্থিত আছিল ।

এই তিনিগৰাকীৰ উপৰিও এই ঘটনাৰ অভিযুক্ত আছিল বিজেপিৰ সাংসদ প্ৰজ্ঞা থাকুৰ, মেজৰ(অৱসৰপ্ৰাপ্ত) ৰমেশ উপাধ্যায়, সুধাকৰ দ্বিৱেদি আৰু সুধাকৰ চতুৰ্বেদী । সেই শুনানিৰ সময়তে আদালতে আটাইকেইজন অভিযুক্তক আজিৰ শুনানিৰ সময়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল । বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন, বিস্ফোৰক পদাৰ্থ আইন, আৰু ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।

উল্লেখ্য যে, ২০০৮ চনত উত্তৰ মহাৰাষ্ট্ৰৰ মালেগাঁও নগৰত সংঘটিত বোমা বিস্ফোৰণত ৬ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছিল । এটা মছজিদৰ সমীপত ৰখাই খোৱা বাইক বোমা ৰখা হৈছিল যি মূহুৰ্তৰ ভিতৰতে কাল ধুমুহা নমাই আনিছিল বহুতৰে জীৱনলৈ ।

লগতে পঢ়ক:"প্ৰধানমন্ত্ৰীৰ অপৰিকল্পিত লকডাউনে যুদ্ধ জয় নহয় জীৱনহে ধ্বংস কৰিছে": ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.