নিউজ ডেস্ক, ২০ এপ্ৰিলঃ মহামাৰী COVID-19ৰ লগত জড়িত সামগ্ৰীসমূহৰ GST কৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰে যুৱ কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে ।
চৰকাৰৰ তৰফৰ পৰা বৰ্তমান সময়ত ছেনিটাইজাৰ, চাবোন আৰু মাস্কৰ ওপৰত GST লগোৱাতো ভুল বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে ।
সোমবাৰে ৰাহুল গান্ধীয়ে হিন্দীত টুইটৰ জৰিয়তে কয় যে, সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টি কৰা COVID-19 ৰ এই কঠিন পৰিস্থিতিত আমি প্ৰত্যেক দিনাই কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছো যে মহামাৰীৰ লগত সম্বন্ধিত সকলো সৰু-ডাঙৰ বস্তুৰ পৰা GST কৰ্তন কৰিব লাগে ।
লগতে কয় যে, বেমাৰ আৰু দৰিদ্ৰতাৰ লগত যুঁজ দি থকা লোকসকলৰ পৰা ছেনিটাইজাৰ, চাবোন, মাস্ক আদিৰ পৰা চৰকাৰে GST সংগ্ৰহ কৰাটো অত্যন্ত ভুল পদক্ষেপ । আমি শীঘ্ৰে # GSTFreeCorona ৰ বিৰুদ্ধে থিয় দিম ।
ৰাহুল গান্ধীয়ে টুইটত COVID-19ৰ লগত জড়িত সামগ্ৰীসমূহৰ লগতে সামগ্ৰী সমূহৰ মূল্য উল্লেখ কৰে । টুইটাৰত উল্লেখ কৰা অনুসৰি, ছেনিটাইজাৰত ১৮ শতাংশ, তেজ পৰীক্ষাত ১২ শতাংশ, মেডিকেল গ্ৰেড অক্সিজেন আৰু হাইড্ৰজেন পেৰোক্সাইড আৰু মাস্কত ৫ শতাংশ GST সংগ্ৰহ কৰা বুলি উল্লেখ কৰে ।