ETV Bharat / bharat

মাকৈ আৰু খেতিয়কৰ সমস্যা - গেট চুক্তিৰ 28 নং অনুচ্ছেদ

মাকৈৰ মূল্য নিম্নগামী হোৱাৰ আন কাৰণ সমূহৰ ভিতৰত মুখ্য হ'ল শীতলীকৃত ভঁৰালৰ অভাব আৰু ফ'ল আৰ্মী ৱাৰ্ম নামৰ পোকৰ আক্ৰমণ ইত্যাদি ৷ বিহাৰ, কৰ্ণাটক আৰু তেলেংগনাৰ কৃষক সকলে ইতিমধ্যে এই পোকৰ আক্ৰমণত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷ এই অঞ্চলৰ কৃষক সমূহে এই পোক সমূহ নিৰ্মূল কৰিব নোৱাৰাৰ বাবে যথেষ্ট ভয়ৰ সন্মুখীন হ'ব লগা হৈছে ৷ ভাৰতৰ মাকৈ খেতিয়ক সকল ক'ভিডৰ পিচত মাকৈৰ মূল্য হ্ৰাস হোৱাত যথেষ্ট আতংকিত হৈছে আৰু মাকৈৰ চাহিদা যে বাঢ়িব তাৰ আশাও ক্ষীণ ৷

Maize and the plight of farmers
মাকৈ আৰু খেতিয়কৰ সমস্যা
author img

By

Published : Aug 6, 2020, 9:01 PM IST

নিউজ ডেস্ক, 6 আগষ্ট : ভাৰত বিশ্ব বাণিজ্য সংস্থাৰ বাধ্যবাধকতাৰ কথা উল্লেখ কৰি চৰকাৰে 5 লাখ মেট্ৰিকটন মাকৈ আৰু 10 হাজাৰ মেট্ৰিকটন গাখীৰ তথা গাখীৰৰ উৎপাদিত সামগ্ৰী 15 শতাংশ শুল্ক হ্ৰাস কৰি কোটা স্কি'মৰ অধীনত আমদানি কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷

ভাৰত বিশ্ব বাণিজ্য সংস্থাৰ স্বাক্ষৰকাৰী আৰু সেয়ে সংস্থাৰ অধীনৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মুক্ত বাণিজ্য নীতি মানি চলিবলৈ দায়িত্বশীল ৷ বিভিন্ন দেশৰ মাজত মুক্ত বাণিজ্য পোষকতা কৰা বিশ্ব স্বাস্থ্য সংস্থাই আমদানি কৰ, মূল্য হ্ৰাস আৰু বিভিন্ন ৰাজ সাহাৰ্য বাতিল কৰাৰও পোষকতা কৰে ৷ সংস্থাৰ এই নীতি থকাৰ পিচতো উন্নয়নশীল দেশ সমূহত চাহিদা থকা স্বত্বেও দক্ষিণ বিশ্বৰ কৃষক সকলে কিন্তু তেওঁলোকৰ কৃষক সকলৰ বাবে মূল্য হ্ৰাসৰ পোষকতা কৰিছিল ৷

ভাৰতে আফ্ৰিকান দেশ সমূহৰ লগত এই মূল্য হ্ৰাসৰ সপক্ষে মাত মাতি আহিছে ৷ কিন্তু সময়ে সময়ে উন্নত ৰাষ্ট্ৰ সমূহে আমেৰিকাৰ নেতৃত্বত এই মতৰ বিৰোধীতা কৰে ৷

আমেৰিকাৰ কৃষক সকলে যদিও সবাতোকৈ বেছি ৰাজ সাহাৰ্য লাভ কৰে তেওঁলোকে কিন্তু উন্নয়নশীল দেশ সমূহৰ কৃষক সকলে কিছু কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত ৰাজ সাহাৰ্য লাভ কৰাৰ বিৰোধী ৷ সেই কৃষক সকলে কোটা স্কিম নামৰ এক মূল্য নিৰ্ধাৰণ কৰে যাৰ ফলত উন্নয়নশীল দেশ সমূহেও তেওঁলোকৰ বজাৰ সমূহ মুক্ত বাণিজ্যৰ বাবে খুলি দিবলৈ আৰু আমদানী কৰ হ্ৰাস কৰিবলৈ বাধ্য হয় ৷

ভাৰতে গেট চুক্তিৰ 28 নং অনুচ্ছেদৰ অধীনত শেহতীয়াকৈ আমদানিৰ কাৰণে বজাৰ মুক্ত কৰাৰ সিদ্ধান্ত লয় ৷ বৰ্তমানে ভাৰতবৰ্ষত মাকৈৰ ক্ষেত্ৰত আমদানি কৰ মাত্ৰ 50 শতাংশ ধাৰ্য কৰিছে আৰু আন শস্যৰ ক্ষেত্ৰত 40 ৰ পৰা 60 শতাংশলৈ ঘৰুৱা বজাৰৰ ক্ষেত্ৰত আমদানী কৰ নিৰ্ধাৰণ কৰিছে ৷

আমি যদি ভালকৈ ফহিয়াই চাওঁ দেখা যাব যে, মাকৈৰ ওপৰত আমদানি কৰ ধাৰ্য কৰাৰ ইয়াতকৈ আৰু বেয়া সময় থাকিব নোৱাৰে ৷ ৰবি শস্য সমূহৰ দাম ইতিমধ্যে নিম্নগামী হৈছে আৰু বিহাৰত কৃষক সকলে প্ৰতি একৰ ভূমিৰ বিপৰীতে 20 হাজাৰ টকাকৈ লোকচানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে ৷

মাকৈৰ মূল্য নিম্নগামী হোৱাৰ আন কাৰণ সমূহৰ ভিতৰত মুখ্য হ'ল শীতলীকৃত ভঁৰালৰ অভাৱ আৰু ফ'ল আৰ্মী ৱাৰ্ম নামৰ পোকৰ আক্ৰমণ ইত্যাদি ৷ বিহাৰ, কৰ্ণাটক আৰু তেলেংগনাৰ কৃষক সকলে ইতিমধ্যে এই পোকৰ আক্ৰমণত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷ এই অঞ্চলৰ কৃষক সমূহে এই পোক সমূহ নিৰ্মূল কৰিব নোৱাৰাৰ বাবে যথেষ্ট ভয়ৰ সন্মুখীন হ'ব লগা হৈছে ৷ ভাৰতৰ মাকৈ খেতিয়ক সকল ক'ভিডৰ পিচত মাকৈৰ মূল্য হ্ৰাস হোৱাত যথেষ্ট আতংকিত হৈছে আৰু মাকৈৰ চাহিদা যে বাঢ়িব তাৰ আশাও ক্ষীণ ৷

ইয়াৰ পিচতে মাকৈ খেতিয়ক সকলৰ আন এটা সমস্যা হ'ল জিন উন্নত কৰা মাকৈৰ জাত সমূহ ৷ বিশ্বতে এই জিন উন্নত মাকৈ সমূহৰ মূল্য ভাৰতত উৎপন্ন হোৱা (জিন উন্নত নকৰা) মাকৈত কৈ কম ৷ গতিকে এই দামও ভাৰতত উৎপন্ন হোৱা মাকৈৰ বাবে এটা প্ৰত্যাহ্বান ৷ ভাৰতৰ মাকৈৰ আন্তজাৰ্তিক চাহিদা আৰু কমাৰ সম্ভাৱনা আছে কাৰণ ব্ৰাজিল আৰু আমেৰিকাত উৎপন্ন হোৱা মাকৈৰ খেতিয়ক সকলে যথেষ্ট ৰাজ সাহাৰ্য লাভ কৰে, যিয়ে ভাৰতৰ মাকৈৰ মূল্য নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

নিয়ন্ত্ৰণ নীতিৰ অভাৱৰ কাৰণে ভাৰতে উন্নত জিনৰ মাকৈ সমূহ দম কৰাৰ কাৰণে সহজলভ্য হৈ পৰিছে আৰু এই মাকৈ সমূহৰ আমদানিৰ লগত নতুন সম্ভাব্য পোকৰ আক্ৰমণ ভাৰতৰ মাকৈ কৃষক সকলৰ কাৰণে আন এক প্ৰত্যাহ্বান হৈ পৰিব পাৰে ৷

ভাৰতত কৃষক সকলে মাকৈ খেতি আন খাৰিফ শস্যৰ খেতিৰ লগত একেলগে কৰা হয় ৷ ইতিমধ্যে ভাৰতত মাকৈৰ খেতিৰ অঞ্চল বৃদ্ধি পাইছে আৰু ই এক ইংগিত দিয়ে যে, মাকৈৰ দাম আৰু নিম্নগামী হ'লে খেতিয়ক সকল আৰু ক্ষতিৰ সন্মুখীন হ'ব ৷

ভাৰতত মাকৈৰ খেতিয়ক সকলৰ কাৰণে এক অনিশ্চিত ভৱিষ্যতৰ আশংকা কৰা গৈছে আৰু এয়া সত্য যে ভাৰতীয় কৃষক সকলে পশ্চিমীয়া দেশৰ নিচিনা ৰাজ সাহাৰ্য কেতিয়াও নেপাই ৷ অধিক মাকৈৰ আমদানিয়ে ভাৰতীয় মাকৈ কৃষকৰ সমস্যা বঢ়োৱাৰ সম্ভাৱনা বেছি ৷

লগতে পঢ়ক : চলচ্চিত্ৰ কৰ্মীলৈ ৰোহিত চেট্টীয়ে আগবঢ়াইছে সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.