ETV Bharat / bharat

৩০ এপ্ৰিললৈ মহাৰাষ্ট্ৰত বৃদ্ধি লক্ ডাউনৰ সময়-সীমা - লক্ ডাউন

৩০ এপ্ৰিললৈ লক্ ডাউনৰ সময়সীমা বৃদ্ধি মহাৰাষ্ট্ৰত । শনিবাৰে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাচতেই মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ।

Maharashtra extends lockdown amid surge in COVID-19 cases

author img

By

Published : Apr 12, 2020, 1:42 PM IST

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ শনিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাচতেই মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত । বিগত কেইটামান দিনত মহাৰাষ্ট্ৰত COVID-১৯ আক্ৰান্তৰ সংখ্য়াৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৩০ এপ্ৰিললৈ বৃদ্ধি কৰা হ'ল লক্ ডাউনৰ সময়সীমা ।

খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে লক্ ডাউনৰ সময়সীমা বৃদ্ধিৰ কথা চিন্তা-চৰ্চা কৰি আছিল । এছিয়াৰ সৰ্বত্তম বস্তি ধাৰাৱী আৰু অন্যান্য বহু কেইটা স্থান স্পৰ্শকাতৰ হিচাপে ঘোষণা কৰা হৈছে মহাৰাষ্ট্ৰত ।

মুখ্যমন্ত্ৰী উদ্ভৱ ঠাকৰেয়ে কয়, বৰ্ধিত লক্ ডাউনৰ নীতি-নিয়মৰ বিষয়ে পিচত ঘোষণা কৰা হ'ব । বৰ্ধিত লক্ ডাউনৰ সময়ত ৰাজ্য়ৰ কিছু কিছু প্ৰান্তত কিছু শিথিলতা অনা হ'ব যদিও প্ৰয়োজন অনুসৰি কিছু কিছু ঠাইত অধিক কঠোৰ কৰা হ'ব । স্থগিত হৈ থকা পৰীক্ষা, উদ্যোগিক খণ্ডৰ আৰম্ভণী, অন্য ৰাজ্য়ত আৱদ্ধ প্ৰৱাসী শ্ৰমিক ইত্যাদি বিষয়ৰ ওপৰত ১৪ এপ্ৰিলৰ পাচত ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে ।

আনহাতে ৰাজ্যখনত লক্ ডাউন সম্পূৰ্ণ ৰূপে উঠাই লোৱাটো কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ শৃংখল কেতিয়া শেষ হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে । দেশৰ ভিতৰত মহাৰাষ্ট্ৰতে এই ভাইৰাছৰ সৰ্বাধিক প্ৰভাৱ পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে ৰাজ্যখনত ১৭৬১ টা আক্ৰান্ত সংখ্যা পোহৰলৈ অহাৰ বিপৰীতে ১২৭ জন লোকৰ মৃত্য়ু হৈছে । আনহাতে আৰোগ্য় হৈছে ২০৮ গৰাকী লোক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.