ETV Bharat / bharat

মহাৰাষ্ট্ৰত ৩১ জুলাই পৰ্যন্ত বৃদ্ধি লকডাউন - কোভিড-১৯

মহাৰাষ্ট্ৰত কোভিড-১৯ সংক্ৰমন বৃদ্ধি পোৱাৰ বাবে ৰাজ্য চৰকাৰে ৩১ জুলাইলৈকে বৃদ্ধি কৰিলে লকডাউনৰ সময়সীমা। কোভিড-১৯ত অধিক সংখ্যক লোক আক্ৰান্ত হোৱা জিলাসমূহত পুনৰ বন্ধ হ'ব পাৰে জনসাধাৰণৰ চলা-ফুৰা ।

Maharashtra extends COVID-19 lockdown
Maharashtra extends COVID-19 lockdown till July 31
author img

By

Published : Jun 29, 2020, 8:01 PM IST

নিউজ ডেস্ক, ২৯ জুনঃ মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত পুনৰ বৃদ্ধি কৰিলে লকডাউনৰ সময়সীমা । কোভিড-১৯ৰ সংক্ৰমন ৰোধৰ বাবে ৩১ জুলাইলৈকে উদ্ধৱ থাকৰে নেতৃত্ত্বাধীন চৰকাৰে বৃদ্ধি কৰিলে লকডাউন । ইয়াৰ পূৰ্বে ৩০ জুনলৈকে লকডাউন ঘোষণা কৰিছিল চৰকাৰে ।

ৰাজ্যখনৰ মুখ্য সচিব অজয় মেহতাই এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি, যি কেইখন জিলাত অধিক সংখ্যক লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে সেই জিলাসমূহৰ কালেক্টৰ, পৌৰ নিগমৰ কমিশনাৰে উক্ত অঞ্চলত কঠোৰ লকডাউন ঘোষণা কৰিব পাৰে ।

এই ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে জনসাধাৰণ চলা-ফুৰাত বাধা, অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱাত বাধা, ঘৰত বাহিৰত ব্যায়াম কৰা আদিত বাধা প্ৰদান কৰিব পাৰে । তদুপৰি সকলো লোকে কোভিড-১৯ ৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতা বিশেষকৈ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা আদি সকলো নিয়মাৱলী মানি চলিব লাগিব ।

উল্লেখ্য যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-১৯ত । এইপৰ্যন্ত ৰাজ্যখনত ১,৬৪,৬২৬ গৰাকী লোক কোভিড-১৯ আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ৭০,৬২২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৭,৪২৯ গৰাকী লোক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.