ETV Bharat / bharat

মধ্য প্ৰদেশত COVID-19ৰ প্ৰভাৱ : ঘৰ বিক্ৰী কৰিবলৈ বাধ্য এজন

author img

By

Published : Apr 15, 2020, 7:24 PM IST

COVID-19 ত আক্ৰান্ত হোৱাৰ বাবেই নিজৰ ঘৰ বিক্ৰী কৰিবলৈ বাধ্য হ'ল মধ্য প্ৰদেশৰ এজন যুৱক ৷ সামাজিক চাপৰ সন্মুখীন হৈ এই সিদ্ধান্ত যুৱক তথা পৰিয়ালৰ ৷

ঘৰ বিক্ৰী কৰিবলৈ বাধ্য এজন
মধ্য প্ৰদেশত COVID-19ৰ প্ৰভাৱ

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ পৰা সফলতাৰে আৰোগ্য হৈ উঠাৰ পাচত মধ্য প্ৰদেশৰ শিৱপুৰী জিলাৰ এজন লোকে সামাজিক চাপৰ পৰিপ্ৰেক্ষিতত নিজৰ ঘৰ বিক্ৰী কৰিবলৈ সাজু হৈছে ৷ উল্লেখ্য় যে,সঠিক তথ্য আৰু জ্ঞানৰ অভাৱৰ বাবে এই ৰোগ সম্পৰ্কত দেশৰ বিভিন্ন অঞ্চলত বহুলোকে শংকাত দিন কটোৱাৰ লগতে কিছুলোকে আত্মহত্যাৰ পথ বাছি লোৱাৰো ঘটনা পোহৰলৈ আহিছে ৷ এনে এক ঘটনাৰ বলি হয় মধ্য প্ৰদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হৈ উঠা এজন লোকে ৷

মধ্য প্ৰদেশত COVID-19ৰ প্ৰভাৱ

পুনৰ এনে সামাজিক কলংকৰ সন্মুখীন হোৱাৰ ভয়ত নিজৰ নাম প্ৰকাশ কৰিবলৈ অমান্তি হোৱা ৰাজ্যখনৰ এজন যুৱক আৰু তেওঁৰ পৰিয়ালে গালি-শপনি, সামাজিক ভেদভাৱ আৰু চুবুৰীয়াৰ দুৰ্ব্য়ৱহাৰৰ সন্মুখীন হ'বলগা হৈছে ৷ ইয়াৰ ফলত যুৱকজনে নিজৰ ঘৰ বিক্ৰী কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হয় ৷

যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালে এই সামাজিক কলংকৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যে এই কঠিন সিদ্ধান্ত গ্ৰহণ কৰিবলগা হৈছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত যুৱকজনৰ পিতৃয়ে কয় যে,অচিনাক্ত লোকে সদায় নিশা তেওঁলোকৰ দুৱাৰত প্ৰচণ্ড শব্দ কৰি পলায়ন কৰাৰ লগতে গালি-শপনি পাৰি আহিছে ৷ ইয়াৰোপৰি,শাক-পাচলি আৰু গাখীৰ বেপাৰীকো তেওঁলোকক সামগ্ৰী প্ৰদান কৰাত বাধা আৰোপ কৰিছে চুবুৰীয়াই ৷

উল্লেখ্য যে,দেশৰ অন্য অঞ্চলতো এনে ধৰণৰ ঘটনাৰ তথ্য লাভ কৰা হৈছে ৷ আৰোগ্য হৈ উঠা লোক আৰু তেওঁলোকৰ পৰিয়ালেও চুবুৰীয়া তথা অন্য লোকৰ পৰা কটু কথা শুনিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে চাওকঃটীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ নেতৃত্বত চেনিটাইজেশ্যন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.