ETV Bharat / bharat

590 কিলো গাঞ্জা হেৰাইছে নেকি আপোনাৰ ? চিন্তিত নহ'বঃ অসম আৰক্ষীৰ টুইট - ETV BHARAT

চাগলীয়া চেকগেটত অসম আৰক্ষীয়ে মংগলবাৰে উদ্ধাৰ কৰে 590 কিলোগ্ৰাম ওজনৰ গাঞ্জা ৷ এই গাঞ্জা উদ্ধাৰৰ পাছতে এক অভিনৱ টুইট অসম আৰক্ষীৰ ৷

590 কিলো গাঞ্জা হেৰাইছে নেকি আপোনাৰ ? এক অভিনৱ টুইট অসম আৰক্ষীৰ
author img

By

Published : Jun 5, 2019, 11:39 PM IST

ধুবুৰী,5 জুন: কাৰোবাৰ 590 কিলো ওজনৰ গাঞ্জা হেৰাইছে নেকি ? তেনেহ'লে আতংকিত নহ'ব ৷ ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক, তেওঁলোকে আপোনালোকক সহায় কৰিব ৷ ধুবুৰীৰ ছাগলীয়া চেকগেটত 590 কিলো ওজনৰ গাঞ্জা উদ্ধাৰৰ পাছতে অসম আৰক্ষীৰ এইদৰে টুইট ৷

টুইটটোত এখন ফটোসহিতে অসম আৰক্ষীয়ে লিখিছে যে,' যোৱানিশা ছাগলীয়া চেকপইন্টত এখন ট্ৰাকত কোনো লোকৰ 590 কেজি গাঞ্জা হেৰাইছে নেকি ? তেনেহ'লে আতংকিত নহ'ব, আমি বিচাৰি পাইছো ৷ অনুগ্ৰহ কৰি ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক তেওঁলোকে সহায় কৰিব ৷ ইয়াৰ লগতে টুইটটোত ধুবুৰী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে অসম পুলিচে ৷ মঙলবাৰে নিশা অসম আৰক্ষীয়ে চলোৱা এক তালাচী অভিযানত গাঞ্জা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ প্ৰায় 50টা কাৰ্টুনত আৰক্ষীয়ে উদ্ধাৰ কৰে গাঞ্জা ৷

উল্লেখ্য যে এইধৰণৰ টুইটৰ বাবে মুম্বাই আৰক্ষী ইতিমধ্যে জনপ্ৰিয়৷ এইধৰণৰ টুইটেৰে যুৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰি থাকে মুম্বাই আৰক্ষীয়ে৷ মুম্বাই আৰক্ষীৰ পদাংক অনুসৰণ কৰিয়ে অসম আৰক্ষীয়েও কৰে এনেধৰণৰ টুইট ৷

lost 590 kg ganja? don't panic. tweets Assam police

590 কিলো গাঞ্জা হেৰাইছে নেকি আপোনাৰ? চিন্তিত নহ'বঃ অসম আৰক্ষীৰ টুইট

চাগলীয়া চেকগেটত অসম আৰক্ষীয়ে মংগলবাৰে উদ্ধাৰ কৰে 590 কিলোগ্ৰাম ওজনৰ গাঞ্জা৷ এই গাঞ্জা উদ্ধাৰৰ পাছতে এক অভিনৱ টুইট অসম আৰক্ষীৰ৷

ধুবুৰী,5 জুন: কাৰোবাৰ 590 কিলো ওজনৰ গাঞ্জা হেৰাইছে নেকি? তেনেহ'লে আতংকিত নহ'ব৷ ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক,তেওঁলোকে আপোনালোকক সহায় কৰিব৷ ধুবুৰীৰ ছাগলীয়া চেকগেটত 590 কিলো ওজনৰ গাঞ্জা উদ্ধাৰৰ পাছতে অসম আৰক্ষীয়ে এইদৰে টুইট কৰে৷

টুইটটোত এখন ফটোসহিতে অসম আৰক্ষীয়ে লিখে যে,' যোৱানিশা ছাগলীয়া চেকপইন্টত এখন ট্ৰাকত কোনোলোকৰ 590 কেজি গাঞ্জা হেৰাইছে নেকি? তেনেহ'লে আতংকিত নহ'ব, আমি বিচাৰি পাইছো৷ অনুগ্ৰহ কৰি ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক তেওঁলোকে সহায় কৰিব৷ ইয়াৰ লগতে টুইটটোত ধুবুৰী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে অসম পুলিচে৷

মংগলবাৰে নিশা অসম আৰক্ষীয়ে চলোৱা এক তালাচী অভিযানত গাঞ্জা ভৰ্তি ট্ৰাক জব্দ কৰে৷ প্ৰায় 50টা কাৰ্টুনত আৰক্ষীয়ে উদ্ধাৰ কৰে গাঞ্জা৷

উল্লেখ্য যে এইধৰণৰ টুইটৰ বাবে মুম্বাই আৰক্ষী ইতিমধ্যে জনপ্ৰিয়৷ এইধৰণৰ টুইটেৰে যুৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰি থাকে মুম্বাই আৰক্ষীয়ে৷ মুম্বাই আৰক্ষীৰ পদাংক অনুসৰণ কৰিয়ে অসম আৰক্ষীয়েও কৰে এনেধৰণৰ টুইট৷

Etv, Image
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.