ETV Bharat / bharat

COVID-19ৰ সংক্ৰমণ বিশ্বব্যাপী থকা প্ৰবাসীসকলৰ বাবে বিপদজনক হ'ব পাৰে

author img

By

Published : Apr 8, 2020, 5:17 PM IST

সমগ্ৰ পৃথিৱীৰ শৰণাৰ্থী আৰু আভ্যন্তৰীণভাৱে স্থানান্তৰিত হোৱা লোকসকলৰ ওপৰত COVID-19 মহামাৰীৰ সম্প্ৰসাৰণে বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই দেখা দিছে ।

Looming COVID-19 crisis across globe could be devastating for the migrants: Research

নিউজ ডেস্ক, 8 এপ্ৰিলঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, COVID-19 মহামাৰীৰ সম্প্ৰসাৰণৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিত সমগ্ৰ পৃথিৱীৰ শৰণাৰ্থী সকল আৰু আভ্যন্তৰীণভাৱে স্থানান্তৰিত হোৱা লোকসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই দেখা দিছে । এই সংকটময় সময় বিশ্ববাসীয়ে প্ৰবাসী প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি সহানুভুতি আৰু সংহতি প্ৰদৰ্শনৰ সময় ।

এক প্ৰতিবেদন অনুসৰি, এই মহামাৰী বিশ্বব্যাপী থকা 272 মিলিয়ন আন্তঃৰাষ্ট্ৰীয় প্ৰবাসীৰ দুৰ্বলতাৰ কাৰণ হ'ব পাৰে । শৰণাৰ্থী আৰু আভ্যন্তৰীণভাৱে স্থানান্তৰিত হোৱা লোকসকল বৰ্তমান বিশেষ সমস্যাত আছে । পৃথিৱীৰ 25.9 মিলিয়ন শৰণাৰ্থী আৰু আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোকৰ বহু লোক উন্নয়নশীল দেশত আছে, যিসকল এতিয়া এই মহামাৰীত আক্ৰান্ত হ'ব ধৰিছে ।

ক্ৰমবৰ্ধমান দেশত সংক্ৰমণৰ বিষয়ে অৱগত হোৱাৰ লগে লগে চৰকাৰে উৰ্ধগামী সংক্ৰমণৰ পৰিমাণ নিম্নগামী কৰিবলৈ যথেষ্ট প্ৰচেষ্টা হাতত লৈছে । 26 মাৰ্চলৈ 180 তকৈয়ো অধিক দেশত COVID-19ৰ বাবে ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰে । যাৰ বাবে অন্য দেশৰ নাগৰিকৰ প্ৰৱেশতো প্ৰতিবন্ধকতা আহি পৰে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ইউৰোপ বা আমেৰিকাৰ প্ৰৱেশদ্বাৰত থকা প্ৰবাসীসকলৰ বাবে এই ভাইৰাছ সংক্ৰমণৰ শংকা অধিক ।

কোনো কোনো বিশেষজ্ঞৰ মতে, সামাজিক বিচ্ছিন্নতা পৰ্যাপ্ত বিকল্প নহয় । কৰ'ণা ভাইৰাছ মহামাৰী তুৰস্ক আৰু গ্ৰীচৰ সীমান্তত বৰ্তমান সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । গ্ৰীক দ্বীপপুঞ্জত থকা সুবিধাৰ অতি উদ্বেগজনক, যাৰ বাবে প্ৰবাসীসকলক তৎকালীনভাৱে সেই ঠাই খালী কৰিবলৈ কোৱা হৈছে । COVID-19ৰ প্ৰকোপৰ এনে আশংকা আমেৰিকা আৰু মেক্সিকোৰ সীমাত থকা অস্থায়ী প্ৰবাসীৰ শিবিৰতো হোৱাৰ সম্ভাৱনা দেখা দিছে ।

লগতে পঢ়কঃ বিশ্বজুৰি COVID19 আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.