ETV Bharat / bharat

লোকসভা :পঞ্চম দিনাৰ কাৰ্যসূচী - Lok Sabha : Proceedings of day five

শুকুৰবাৰে দিনৰ 11 বজাত লোকসভাৰ পঞ্চম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ সন্দৰ্ভত আলোচনাৰ জৰিয়তে লোকসভাৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ কৰা হয় ৷

লোকসভাৰ পঞ্চম দিনৰ কাৰ্যসূচী আৰম্ভ
author img

By

Published : Nov 22, 2019, 2:16 PM IST

Updated : Nov 22, 2019, 7:27 PM IST

নেশ্যনেল ডেস্ক, 22 নৱেম্বৰ : শুকুৰবাৰে দিনৰ 11 বজাত লোকসভাৰ পঞ্চম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ সন্দৰ্ভত আলোচনাৰ জৰিয়তে লোকসভাৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ কৰা হয় ৷

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰশ্নোত্তৰ কালত চৰকাৰক প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাবে পেলনীয়া সামগ্ৰী নিষ্কাষণ ব্যৱস্থাৰ বাবে আহ্বান জনায় ৷ তেওঁ কয়, "এই সংকটৰ পৰা ৰাষ্ট্ৰক মুক্ত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত৷" লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই কয়, "এই সদনে 130 কোটি জনতাক প্ৰতিনিধিত্ব কৰে আৰু সমগ্ৰ সদনে এই কথাত সন্মতি জনাব যে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উচিত ৷ সাংসদসকলে এই সংকল্প গ্ৰহণ কৰিলে দেশৰ 130 কোটি জনতাৰ মাজলৈ বাৰ্তা বিয়পিব ৷"

উৎপাদন,আমদানি আৰু ই-চিগাৰেটৰ বিক্ৰী তথা এনেধৰণৰ সামগ্ৰীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বাবে এখন বিল উত্থাপন কৰা হয় ৷ শেহতীয়াকৈ জাৰি কৰা এখন অধ্যাদেশ পৰিৱৰ্তে ই-চিগাৰেটৰ বৰ্জন (উৎপাদন,প্ৰস্তুতকৰণ,আমদানি,ৰপ্তানী, পৰিবহন,বিক্ৰী,বিতৰণ,সঞ্চয় আৰু বিজ্ঞাপন) বিল, 2019 জাৰি কৰিবলৈও আহ্বান জনোৱা হয় ৷

চৰকাৰী পক্ষই সাধাৰণ লোকৰ বিশেষকৈ যুৱ চামৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহতাৰ কথা উল্লেখ কৰি এনে সামগ্ৰী বৰ্জনৰ বাবে এখন অধ্যাদেশ জাৰি কৰে ৷ এই আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে তিনি বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমণাৰ ব্যৱস্থা কৰা হৈছে ৷

বিজেপিৰ লোকেট চেটাৰ্জীয়ে পশ্চিমবংগত আইন-কানুন ব্যৱস্থা ভংগ হোৱা বুলি দাবী কৰাৰ পাচতে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ ৰাজ্যখনত বিশেষভাৱে সক্ষম লোকসকলৰ শিক্ষক সকলেও প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ কথা উল্লেখ কৰি চেটাৰ্জীয়ে কয়, "আমি এই বিষয়ত তদন্ত দাবী কৰিছো ৷" শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে কৰা এক অনশন ধৰ্মঘটত এগৰাকী শিক্ষয়িত্ৰীয়ে মৃত্যুক সাৱটি লোৱা বিষয়টো সদনত উত্থাপন কৰে লোকেট চেটাৰ্জীয়ে ৷

পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে সেউজগৃহৰ প্ৰভাৱ সম্পৰ্কত বিৱৰণ দি দাবী কৰে যে,বৰ্তমান বিশ্বত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰত জগৰীয়া নহয় ৷ কিন্তু জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ ৰোধৰ বাবে ভাৰতে অৰিহণা যোগাব লাগে ৷ তেওঁ কয়,"জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰত দায়ী নহয় ৷ আমেৰিকাত প্ৰতিবছৰে 16 টন কাৰ্বন নিৰ্গত হোৱাৰ বিপৰীতে ভাৰতৰ পৰা নিৰ্গত হোৱা কাৰ্বনৰ পৰিমাণ 4 শতাংশতকৈও কম ৷" তেওঁ লগতে কয় যে,কেন্দ্ৰীয় চৰকাৰে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ,পেলনীয়া আৱৰ্জনা নিষ্কাষণ তথা ইয়াৰ উপায় উদ্ভাৱনৰ জৰিয়তে এই সমস্যাৰ সমাধানৰ বাবে প্ৰতিখন ৰাজ্যৰে পৰিৱেশ মন্ত্ৰীসকলৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰিব ৷

পেৰিছ জলবায়ু চুক্তিতো ভাৰত বহুকেইটা সংকল্পৰ অংশীদাৰ আছিল বুলি মন্তব্য কৰি জাভাদেকাৰে কয় যে,নবীকৰণৰ জৰিয়তে ভাৰতে 80 কিলো মেগাৱাট শক্তি উৎপাদন কৰিছে ৷ তেওঁ লগতে কয় যে, 13,000 বৰ্গ কিলোমিটাৰ মাটিকালি যোৱা চাৰি বছৰত জংঘলেৰে ভৰি পৰিছে ৷

বিয়লি 3.30 বজাত সদন স্থগিত কৰা হয় ৷

আৰু পঢ়ক : পাৰস্পৰিকতাই উমৈহতীয়া পথত মূল উপায়

Intro:Body:Conclusion:
Last Updated : Nov 22, 2019, 7:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.