ETV Bharat / bharat

অন্ত পৰিল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ - এ আই ইউ ডি এফৰ প্ৰাৰ্থী তথা সাংসদ বদৰুদ্দিন আজমল

আজি সন্ধিয়া 5 বজাৰ লগে লগে অন্ত পৰিল লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ দেশৰ মুঠ 13 খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 116 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷  ৰাজ্যৰ গুৱাহাটী,কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা এই 4 টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া ৷

অন্ত পৰিল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ
author img

By

Published : Apr 21, 2019, 5:34 PM IST

Updated : Apr 21, 2019, 6:00 PM IST

নিউজ ডেস্ক,21 এপ্ৰিলঃ গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ মাজত মূল যুঁজ হোৱাৰ লগতে কোকৰাঝাৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম, নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া আৰু UPPL ৰ উৰ্খাও গৌৰা ব্ৰহ্মৰ মাজত হ'ব মূল নিৰ্বাচনী যুঁজ ৷ আনহাতে, বৰপেটা আৰু ধুবুৰী সমষ্টিত এ আই ইউ ডি এফ, বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিদ্বন্দিতা ৷ বৰপেটাত মিত্ৰজোঁটৰ কুমাৰ দীপক দাসৰ বিপৰীতে আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে আগবঢ়াইছে প্ৰতিদ্বন্দিতা ৷ আনহাতে, ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী, মিত্ৰজোঁটৰ জাবেদ ইছলাম আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী তথা সাংসদ বদৰুদ্দিন আজমলৰ মাজত হ'ব মূল নিৰ্বাচনী যুঁজ ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ 4টা সমষ্টিৰ লগতে,গুজৰাটৰ 16 টা সমষ্টি, কেৰালাৰ 20 টা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ 14 টাকৈ সমষ্টি, উত্তৰ প্ৰদেশৰ 10 টা সমষ্টি, ছত্তিশগড়ৰ 7 টা, উৰিষ্যাৰ 6 টা, বিহাৰ আৰু পশ্চিম বংগৰ 5 টাকৈ সমষ্টি, গোৱাৰ 2 টা সমষ্টি, জম্মু আৰু কাশ্মীৰ, দাদৰা আৰু নগৰ হাৱেলী, দমন আৰু দিউৰ লগতে ত্ৰিপুৰাত 1 টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷

আনহাতে, পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে অন্ত পৰিছে মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা ৷ লগতে, সোমবাৰে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা শেষ হ'ব ৷ দেশৰ 7 খন ৰাজ্যৰ 51 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব 5 পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ইয়াৰে বিহাৰৰ 5 টা সমষ্টি, জম্মু-কাশ্মীৰৰ 2 টা সমষ্টি, ঝাৰখণ্ডৰ 4 টা সমষ্টি, মধ্যপ্ৰদেশৰ 7 টা সমষ্টি, ৰাজস্থানৰ 12 টা, উত্তৰ প্ৰদেশৰ 14 টা আৰু পশ্চিম বংগৰ 7 টা সমষ্টিত অনুষ্ঠিত হ'ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ৷

Lok Sabha Election third phase campaigning ends today

আজি সন্ধিয়া 5 বজাৰ লগে লগে অন্ত পৰিল লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ দেশৰ মুঠ 13 খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 116 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন৷  ৰাজ্যৰ গুৱাহাটী,কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা এই 4 টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া৷ 

গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ মাজত মূল যুঁজ হোৱাৰ লগতে কোকৰাঝাৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মাজত হ'ব মূল নিৰ্বাচনী যুঁজ৷ আনহাতে, বৰপেটা আৰু ধুবুৰী সমষ্টিত  এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিদ্বন্দিতা৷ বৰপেটাত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ বিপৰিতে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে আগবঢ়াইছে প্ৰতিদ্বন্দিতা৷ আনহাতে, ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী তথা সাংসদ বদৰুদ্দিন আজমলৰ মাজত হ'ব মূল নিৰ্বাচনী যুঁজ৷ 

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ 4টা সমষ্টিৰ লগতে,গুজৰাটৰ 16 টা সমষ্টি, কেৰালাৰ 20 টা, মহাৰাষ্ট্ৰ  আৰু  কৰ্ণাটকৰ 14 টাকৈ সমষ্টি, উত্তৰ প্ৰদেশৰ 10 টা সমষ্টি, ছত্তিশগড়ৰ 7 টা, উৰিষ্যাৰ 6 টা, বিহাৰ আৰু পশ্চিম বংগৰ 5 টাকৈ সমষ্টি, গোৱাৰ 2 টা সমষ্টি,  জম্মু আৰু কাশ্মীৰ, দাদৰা আৰু নগৰ হাৱেলী,  দমন আৰু দিউৰ লগতে ত্ৰিপুৰাত 1 টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ৷ 

আনহাতে, পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে অন্ত পৰিছে মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা৷  লগতে, সোমবাৰে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা শেষ হ'ব৷ দেশৰ 7 খন ৰাজ্যৰ 51 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব 5 পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ 

ইয়াৰে বিহাৰৰ 5 টা সমষ্টি, জম্মু-কাশ্মীৰৰ 2 টা সমষ্টি, ঝাৰখণ্ডৰ 4 টা সমষ্টি, মধ্যপ্ৰদেশৰ 7 টা সমষ্টি, ৰাজস্থানৰ 12 টা, উত্তৰ প্ৰদেশৰ 14 টা আৰু পশ্চিম বংগৰ 7 টা সমষ্টিত অনুষ্টিত হ'ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচন৷
Last Updated : Apr 21, 2019, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.