ETV Bharat / bharat

কাশ্মীৰত পুনৰ কঠোৰ কৰা হৈছে লক ডাউন

author img

By

Published : Apr 27, 2020, 5:41 PM IST

শেহতীয়াকৈ কাশ্মীৰ উপত্য়কাৰ বেছি ভাগ অঞ্চলতেই অধিক তীব্ৰতৰ কৰা হৈছে মানুহৰ চলাচল,সমাগম সীমাবদ্ধ কৰাত । নতুনকৈ কোভিড-১৯ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই এই অধিক তৎপৰ হৈছে আৰক্ষী-প্ৰশাসন ।

Lockdown restrictions tightened in Kashmir due to spike in COVID-19 positive cases
Lockdown restrictions tightened in Kashmir due to spike in COVID-19 positive casesLockdown restrictions tightened in Kashmir due to spike in COVID-19 positive cases

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ সোমবাৰে ৪০ দিনত ভৰি দিলে জম্মু-কাশ্মীৰৰ লক ডাউনে । কিন্তু সোমবাৰৰ পৰা পুনৰ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কাশ্মীৰত অধিক দৃঢ় কৰা হৈছে লক ডাউন। কাশ্মীৰৰ বিধানসভাৰ লগতে অন্যান্য স্থানত মানুহৰ চলাচল,সমাগম সীমাবদ্ধ সুদৃঢ় কৰাৰ ওপৰত জোৰ দিয়া হৈছে । কাৰণ দেওবাৰে বহু কেইটা কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই এই তৎপৰতা লোৱা হয় প্ৰশাসন-আৰক্ষীৰ তৰফৰ পৰা ।

বহু কেইটা মুখ্য় পথত সেনা জোৱানে ছীল কৰাৰ লগতে বহু অচিনাক্ত লোকৰ আহ জাহত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । বহু লোকক পাছ প্ৰদান কৰা হৈছে অত্যাৱশকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে ।

ইপিনে ৰেড জ'ন হিচাপে চিনাক্ত কৰা সকলো অঞ্চল ছীল কৰা হৈছে । সকলো বজাৰ,সাৰ্বজনীন যাতায়ত ব্যৱস্থা বন্ধ কৰাৰ লগতে কেৱল অত্যাৱশকীয় সামগ্ৰীৰ ঔষধ,খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবেহে ওলোৱাৰ অনুমতি দিয়া হৈছে জনসাধাৰণক। ইয়াৰ লগতে সকলো শিক্ষা প্ৰতিষ্ঠান,ব্যায়াম প্ৰতিষ্ঠান,পাৰ্ক,ক্লাৱ,হোটেল ইত্যাদি বন্ধ হৈ আছে দীৰ্ঘসময়ৰ পৰা ।

কাশ্মীৰত দেওবাৰে ২৯ টাকৈ নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই অধিক কঠোৰ কৰা হৈছে লক ডাউন । বৰ্তমানলৈকে ৫২৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৩২ জন লোকৰ । প্ৰায় ৬৬,০০০ হাজাৰ লোকক নিৰীক্ষণ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.