নিউজ ডেস্ক, 15 এপ্ৰিলঃ সমগ্ৰ দেশতে জাৰী কৰা লকডাউনৰ মাজত আবদ্ধ হৈ পৰিছে দেশৰ প্ৰায়ভাগ নাগৰিক ৷ এনে অৱস্থাত নিজ নিজ ৰাজ্যৰ পৰা বাহিৰত আবদ্ধ লোকসকল বিশেষ অসুবিধাত যাতে নপৰে তাৰ বাবে প্ৰত্যেকখন ৰাজ্যই নিজাববীয়াকৈ গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ এইক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিকসকলৰ ক্ষেত্ৰত দেখা পোৱা গৈছে বিশেষ অসুবিধা ৷ বিশেষকৈ মণিপুৰৰ নাগৰিকসকলে দেশৰ বিভিন্ন প্ৰান্তত বৰ্ণ বৈষম্যৰ বলি হোৱা পৰিলক্ষিত হৈছে ৷ দিল্লী আৰু হায়দৰাবাদত এইদৰে বৈষম্যৰ বলি হৈছে মণিপুৰী নাগৰিক ৷ যাৰ বাবে মণিপুৰৰ চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷
লগতে পঢ়কঃ অভিবাসী শ্ৰমিকৰ বাবে "টাইম ব'ম" সকংটঃ কামাল হাচান
মণিপুৰৰ ৰাজ্য চৰকাৰে বাহিৰত আবদ্ধ হৈ পৰা ইয়াৰ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যখনৰ প্ৰায় 17,000 নাগৰিক দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে ৷ এইসমূহ লোকে আৰ্থিক তথা বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৷ এনে অৱস্থাত ৰাজ্যখনৰ বাহিৰত আবদ্ধ হৈ থকা প্ৰায় 2,700 মণিপুৰী নাগৰিকক আৰ্থিক সাহাৰ্য ইতিমধ্যে প্ৰদান কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে উল্লেখ কৰিছে এই তথ্য ৷ সোমবাৰলৈ মণিপুৰ চৰকাৰে 2,700 নাগৰিকক প্ৰদান কৰিছে 2,000 কৈ টকাৰ এককালীন আৰ্থিক সাহাৰ্য ৷ মুখ্যমন্ত্ৰীৰ এন বীৰেন সিঙে ভিডিঅ’ মেছেজৰ দ্বাৰা সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে মণিপুৰ ৰাজ্য চৰকাৰে ইয়াৰ নাগৰিকসকলৰ বেংক একাউন্টত টকাসমূহ জমা কৰি দিছে ৷
লগতে পঢ়কঃ লকডাউন বৃদ্ধিৰ ভাৰতৰ সিদ্ধান্তক শলাগ ল'লে WHO য়ে
দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা মণিপুৰীসকলক সহায় কৰাৰ উদ্দেশ্যে এগৰাকী সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিয়োগ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী বীৰেন সিঙে প্ৰকাশ কৰিছে ৷ মণিপুৰৰ মন্ত্ৰীপৰিষদৰ সদস্যসকল,অসামৰিক সেৱাৰ বিষয়াসকল,এডভোকেট জেনেৰেল আৰু অন্যান্য ৰাজ্যিক সেৱাৰ বিষয়া তথা কৰ্মচাৰীসকলে তেওঁলোকৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ দান কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি,এই পূঁজিলৈ প্ৰায় 25,90,607 টকাৰ আৰ্থিক অনুদান এতিয়ালৈকে লাভ কৰিছে মণিপুৰ চৰকাৰে ৷
লগতে চাওকঃ 155 মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা সামগ্ৰী ভাৰতক বিক্ৰীৰ অনুমতি আমেৰিকাৰ