ETV Bharat / bharat

জুলাইলৈকে বৃদ্ধি হ'ব পাৰে লকডাউন ! - June 1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক আলোচনাত মিলিত হয় ৷ এই আলোচনাতে দেশত চলি থকা লকডাউন বৃদ্ধি কৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

জুলাইলৈকে বৃদ্ধি হ'ব পাৰে লকডাউন !
জুলাইলৈকে বৃদ্ধি হ'ব পাৰে লকডাউন !
author img

By

Published : May 29, 2020, 8:30 PM IST

নিউজ ডেস্ক, 29 মে' : দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হোৱা বিশেষ আলোচনাৰ পিচত দেশত লকডাউনৰ সময়সীমা বৃদ্ধি পোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷ দেওবাৰে অন্ত পৰিবলগীয়া লকডাউনক লৈ যদিহে কেন্দ্ৰ আৰু ৰাজ্য-চৰকাৰসমূহে উমৈহতীয়া সিদ্ধান্তত উপনীত হয় তেতিয়াহ'লে আগন্তুক জুলাই মাহলৈকে দেশত লকডাউন বৃদ্ধি পোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷

জুলাই মাহলৈকে বৃদ্ধি পাবলগীয়া লকডাউনৰ সময়ত বিশেষ কেতবোৰ খণ্ডত থাকিব নিষেধাজ্ঞা ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত হোৱা এই আলোচনাত ডাঃ গিৰিধৰ জ্ঞানী, কেবিনেট সচিব ৰাজীৱ গৌবা, কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুধনে অংশগ্ৰহণ কৰে আৰু তেওঁলোকক ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ লগতে স্বাস্থ্য় সচিবসকলৰ সৈতে আলোচনাত মিলিত হ'বলৈ কোৱা হয় ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যসচিবসকলৰ সৈতে আলোচনাত মিলিত হৈছিল কেবিনেট সচিব ৰাজীৱ গৌবাই ৷ এই আলোচনাত মুম্বাই, দিল্লী, কলকাতা আৰু চেন্নাইৰ জিলা দণ্ডাধীশ আৰু পৌৰ-আয়ুক্তসকল উপস্থিত আছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.