নিউজ ডেস্ক, 13 এপ্ৰিলঃ তামিলনাডুত নিমখ উদ্যোগত কাম কৰা শ্ৰমিক সকল লক ডাউনৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে । উৎপাদনৰ পৰিমান নাইকিয়া হোৱাৰ লগতে যাতায়ত আৰু পৰিবহনো বন্ধ হৈ আছে । যাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে নিমখ উদ্যোগ সমূহ ।
নিমখ উদ্যোগত কাম কৰা শ্ৰমিকৰ দাবী, নিমখ অত্যাৱশ্যকীয় সামগ্ৰী, সেয়ে নিমখ উৎপাদনৰ অনুমতি প্ৰদান কৰিব লাগে ।
নিমখ উৎপাদন কৰা হয় গ্ৰীষ্মৰ সময়চোৱাত । অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত । কিন্তু এইবাৰ এপ্ৰিলত বন্ধ হৈ পৰিল কাম কাজ ।
![Lockdown hits salt industry in Tamil Nadu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tn-tut-02a-spl-story-saltpan-workers-affected-on-curfew-script-7204870_11042020130248_1104f_1586590368_308_1204newsroom_1586692936_549.png)
প্ৰায় 60,000 লোক এই নিমখ উদ্যোগৰ সৈতে জৰিত । তাৰে 30,000 লোক প্ৰত্যক্ষভাবে নিমখ উৎপাদনত জড়িত আৰু 25,000 লোক ইয়াৰ লগত জড়িত বেপাৰ-বানিজ্য বা আন কোনো কামত নিয়োজিত হৈ থাকে । 25000 একৰ ভূমিত নিমখ উৎপাদন ক্ষেত্ৰ আছে ।
গুজৰাটৰ পাচতেই তামিলনাডু ভাৰতৰ দ্বিতীয় সৰ্বাধিক নিমখ উৎপাদন কৰা ৰাজ্য । দেশৰ মুঠ নিমখৰ 12 শতাংশ ইয়াৰ পৰাই আহে । দেশত প্ৰায় 16,000 উদ্যোগ আছে য'ত নিমখ প্ৰস্তত কৰা হয় ।