ETV Bharat / bharat

লক ডাউনৰ ফলত ভয়াৱহভাৱে বাধাগ্ৰস্ত হ'ল যোগান ব্যৱস্থা : NITI CEO

author img

By

Published : Apr 18, 2020, 9:04 PM IST

লক ডাউনৰ ফলত ভাৰতৰ যোগান ব্যৱস্থা ভয়াৱহ ভাৱে বাধাগ্ৰস্ত হোৱা বুলি মন্তব্য় কৰিছে অমিতাভ কান্তে ৷ 'COVID-19 & The Future of Work' সম্পৰ্কত ভিডিঅ' কনফাৰেন্সিঙত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কান্তে ৷

COVID-19 & The Future of Work
অমিতাভ কান্ত

নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : শনিবাৰে Niti Aayog ৰ মুখ্য কাৰ্যবাহী সঞ্চালক অমিতাভ কান্তে মন্তব্য কৰে যে,কৰ'ণা ভাইৰাছৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত ভয়াৱহভাৱে বাধাগ্ৰস্ত হ'ল ভাৰতৰ যোগান ব্যৱস্থা ৷

'COVID-19 & The Future of Work' সম্পৰ্কত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কান্তে মন্তব্য় কৰে যে,মহামাৰীবিধে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে আৰু এই প্ৰত্যাহ্বান জটিল আৰু অপ্ৰত্যাশিত ৷

আমি এক অশান্ত সময় পাৰ কৰি আছো ৷ আমাৰ যোগান ব্যৱস্থা ভয়াৱহভাৱে বাধাগ্ৰস্ত হৈছে - তেওঁ কয় ৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে বৰ্তমান ভাৰতে 40 দিনীয়া লক ডাউন অনুসৰণ কৰি আছে ৷ বিশ্ব বেংকৰ ভাৰতীয় অধ্যক্ষ জুনেইদ কামালে মন্তব্য কৰিছে যে, উন্নয়নশীল দেশসমূহে কামৰ ধৰণত সলনি আনিব লাগিব ৷ তেওঁ কয়, "আয়ুস্মান ভাৰত এক ভাল আঁচনি আছিল যদিও অহা বৰ্ষসমূহত এইটো সুনিশ্চিত কৰাটো অনিবাৰ্য যে,ভাৰত ইয়াতকৈ আগবাঢ়ি যাওঁক ৷"

Team lease Chairman মনিশ সবৰৱালে কয়, "Work from homeৰ ফলত সকলোৱে ঘৰৰ পৰা দায়িত্ব পালন কৰিছে যদিও সকলোৱে গঠনমূলক চিন্তাধাৰা কৰা উচিত ৷" Hero Enterprise Chairman সুনিল মুঞ্জলে কয় যে, বিশ্বৰ যোগান ব্যৱস্থাক নিজৰ অধীন কৰিব পৰা ভাৰতৰ যোগ্যতা আছে ৷

মুঞ্জলে লগতে কয়, "COVID-19 সংকটৰ এই সময়ছোৱাত আমি অন্য বহু দেশৰ তুলনাত উৰ্ধত আছো ৷ আমাৰ অধিক বিচাৰ-বিবেচনা আৰু প্ৰতিভাক আকৰ্ষিত কৰাৰ ক্ষমতা আছে ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.