ETV Bharat / bharat

কোভিড-19 : দিল্লী আৰক্ষীৰ মহানুভৱতা

author img

By

Published : Apr 6, 2020, 12:37 PM IST

দিল্লী আৰক্ষীৰ মহানুভৱতা ৷ কোভিড-19ক লৈ চলি থকা লকডাউনৰ সময়তে 17 গৰাকীকৈ গৰ্ভৱতী মহিলাক আৰক্ষীয়ে নিজৰ পিচিআৰ বাহনেৰে লৈ গৈ চিকিৎসালয়ত ভৰ্তি কৰায় ৷

দিল্লী আৰক্ষীৰ মহানুভৱতা
দিল্লী আৰক্ষীৰ মহানুভৱতা

নিউজ ডেস্ক, 6 এপ্ৰিলঃ সমগ্ৰ দেশতে চলি থকা লকডাউনৰ মাজতে দিল্লী আৰক্ষীয়ে দাঙি ধৰিলে মহানুভৱতাৰ পৰিচয় ৷ দিল্লী আৰক্ষীয়ে বিগত 24 ঘন্টাত এইদৰে 17 গৰাকীকৈ মহিলাক চিকিৎসালয়লৈ বুলি কঢ়িয়াই নিয়ে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা আটাইকেইগৰাকী মহিলাই গৰ্ভৱতী আছিল আৰু প্ৰসৱ বেদনাৰে যুঁজি আছিল ৷ এনে অৱস্থাত দিল্লী আৰক্ষীয়ে নিজৰ পিচিআৰ বাহন ব্যৱহাৰ কৰিয়ে মহিলাকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পিচিআৰ টীমৰ দায়িত্বত থকা সহ-আৰক্ষী আয়ুক্ত শৰত কুমাৰ সিনহাই প্ৰকাশ কৰিছে এই কথা ৷

ইয়াৰ ভিতৰত পশ্চিম দিল্লীৰ পৰা চাৰিগৰাকী, আউটাৰ নৰ্থ দিল্লীৰ পৰা তিনিগৰাকী, দ্বাৰকাৰ পৰা তিনিগৰাকী, ইষ্ট দিল্লীৰ পৰা দুগৰাকী, দিল্লীৰ আউটাৰ পাৰ্টৰ পৰা দুগৰাকী, নৰ্থইষ্ট দিল্লীৰ পৰা এগৰাকী, নৰ্থৱেষ্ট দিল্লীৰ পৰা এগৰাকী আৰু চাউথ দিল্লীৰ পৰা এগৰাকী মহিলাক দিল্লীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.