ETV Bharat / bharat

আজি 12 দিন অতিক্ৰম লক ডাউনৰ...

author img

By

Published : Apr 5, 2020, 9:44 PM IST

প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ক’ভিড 19 ৰ বিৰুদ্ধে ভাৰতে কৰা যুদ্ধৰ প্ৰতীক হিচাপে 5 এপ্ৰিলৰ নিশা 9 বজাত 9 মিনিটৰ বাবে নিজ গৃহতে ম’বাইলৰ ফ্লাছ লাইট, চাকি আদি জ্বলাবলৈ আহ্বান জনাইছিল

আজি 12 দিন অতিক্ৰম লক ডাউনৰ
আজি 12 দিন অতিক্ৰম লক ডাউনৰ

নিউজ ডেস্ক, 5 এপ্ৰিলঃ 12 দিন পূৰ্বে সমগ্ৰ দেশত লক ডাউনৰ ঘোষণা কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ উক্ত দিনৰ পৰা আজিলৈ দেশবাসীয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন জনাই আহিছে ৷ এই পৰ্যন্ত ৰাজ্যখনত COVID 19 ত আক্ৰান্ত লোকৰ সংখ্যা 26 জন ৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক COVID 19 ৰ বিৰুদ্ধে ভাৰতে কৰা যুদ্ধৰ প্ৰতীক হিচাপে 5 এপ্ৰিলৰ নিশা 9 বজাত 9 মিনিটৰ বাবে নিজ গৃহতে ম’বাইলৰ ফ্লাছ লাইট, চাকি আদি জ্বলাবলৈ আহ্বান জনাই ৷ দেশবাসীয়ে পুনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই আহ্বানক সমৰ্থন জনোৱা পৰিলক্ষিত হয় ৷ আনহাতে ৰাজ্যতো জনসাধাৰণে মোডীক সমৰ্থন জনাই চাকি, বন্তী জ্বলোৱা দেখা পোৱা যায় ৷ আনহাতে লক ডাউনৰ সময়ছোৱাত ৰাজ্যৰ কেবা স্থানত হত্যাকাণ্ড চুৰি ডকাইতিৰ দৰে ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা যায় ৷ বৰ্তমানো বিভিন্ন স্থানত চৰকাৰৰ চেনিটাইজেচনৰ লগতে খাদ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে ৷

সমগ্ৰ দেশত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 3,200 গৰাকীলৈ বৃদ্ধি হোৱাৰ লগতে নিহত সংখ্যা 96 বুলি জানিব পৰা গৈছে ৷

পুনেঃ Defence Research and Development Organization ৰ এটা ইউনিটে কৰ'ণাৰ স'তে যুঁজ দিবলৈ স্বাস্থ্যকৰ্মীসকলৰ বাবে সম্পূৰ্ণ শৰীৰ থাকি ৰখাকৈ এটা বীজাণুনাশক কক্ষ তৈয়াৰ কৰি ওলিয়াই৷ আনহাতে The Vehicle Research and Development বিভাগে স্বাস্থ্যকৰ্মীক চেনিটাইজ কৰিব পৰাকৈ `Personnel Sanitization Enclosure’তৈয়াৰ কৰা বুলি আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে ৷

উৰিশ্যাঃ ৰাজ্যখনত আজি এজন 29 বছৰীয়া যুৱক COVID 19 ত আক্ৰান্ত হোৱাৰ খবৰ পোৱা যায় ৷ এই পৰ্যন্ত ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 39 জন বুলি জানিব পৰা গৈছে ৷

গোৱাঃ ৰাজ্যখনত পুনৰ এজন কৰ'ণাত আক্ৰান্তৰ তথ্য পোহৰলৈ আহে ৷ আক্ৰান্ত লোকজন কিছু দিন পূৰ্বে San Francisco ৰ পৰা দিল্লী হৈ গোৱালৈ আহিছিল ৷ যুৱকজনে ভ্ৰমণ কৰা বিমানসমূহৰ ব্যক্তিসকলৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে গোৱা চৰকাৰে ৷

মহাৰাষ্ট্ৰঃ এই পৰ্যন্ত ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 748 গৰাকীলৈ বৃদ্ধি হোৱাৰ লগতে নিহতৰ সংখ্যা 6 জন বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ ৰাজ্যখনত বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম ৷ দুষ্ট চক্ৰই ভূৱা মোডীৰ সাহাৰ্য পুঁজীৰ একাউন্ট বনাই ৰাইজৰ পৰা টকা লুটৰ চেষ্টা চলাই থকা বুলি জনাই ৰাজ্য প্ৰশাসনে ৷

দিল্লীঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেবাজনো বিৰোধী নেতাৰ স'তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আলোচনাত মিলিত হয় ৷ কি দৰে এই বিপদৰ পৰা হাত সাৰিব পাৰি এই সন্দৰ্ভত সকলোৱে মিলি আলোচনা কৰে ৷ কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰক 1 লাখ কোটি টকাৰ সাহাৰ্য আৰু 42000 কোটি টকা ৰেহাই দিব লাগে বুলি বিৰোধী কংগ্ৰেছে মন্তব্য কৰে ৷ আনহাতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে লাইট জ্বলোৱাৰ পৰিৱৰ্তে কৰ'ণা সন্দৰ্ভত পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ বুলি মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.