নিউজ ডেস্ক, ১৮ মে': দেশত সোমবাৰ অৰ্থাৎ ১৮ মে' ৰ পৰা কাৰ্যকৰী কৰা হৈছে চুতৰ্থ পৰ্যায়ৰ লক্ ডাউন । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ ফলতেই গ্ৰহণ কৰা হয় চতুৰ্থ পৰ্যায়াৰ লক্ ডাউন । অৱশ্য়ে অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই লক্ ডাউন পূৰ্বৰ তিনিটা পৰ্যায়ৰ লক্ ডাউনত কৈ কিছু পৃথক আৰু শিথিল ।
![Lockdown 4.0: Persons above 65 years of age, pregnant women, children below 10 advised to stay at home](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7238871_lockdown.jpg)
চতুৰ্থ পৰ্যায়ৰ লক্ ডাউনৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ-
- দেওবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা হয় লক্ ডাউন ৪.০ ৰ নিৰ্দেশাৱলী । য'ত ৬৫ বছৰ উৰ্ধৰ বৃদ্ধাৰ লগতে অন্তঃসত্তা বা গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাত নিষেধজ্ঞা প্ৰদান কৰা হৈছে । কেৱল অত্যাৱশকীয় আৰু স্বাস্থ্য় সংক্ৰান্ততেই ঘৰৰ বাহিৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে । ৩১ মে'লৈ আৰোপ কৰা হৈছে এই নিষেধজ্ঞা । ইয়াৰ লগতে অত্যাৱশকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাদে সমগ্ৰ দেশতে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ বাহিৰত ঘূৰি ফুৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই কোনো লোকক ।
- সকলো কৰ্মচাৰীকে আৰোগ্য সেঁতু এপ্ ডাউনল'ড কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে গৃহ মন্ত্ৰণালয়ৰ পৰা । ইয়াৰ লগতে যিমান দূৰ সম্ভৱ ঘৰৰ পৰাই কাম (WFH) কৰাৰ অভ্যাস কৰিবলৈ পৰামৰ্শ দিয়ে । সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কৰ্মস্থানত কৰ্মচাৰী সকলক এই এপ্ ডাউনল'ড কৰাৰ নিৰ্দেশ দিয়া হৈছে । সংক্ৰমিত লোকক চিনাক্ত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দ্বাৰা মুকলি কৰা হৈছিল এই এপ্ টোৰ । এপ্ৰিলত মুকলি কৰা হৈছিল এপ্ টো । এপ্ টোত সময়ে-সময়ে তথ্য সংযোজন কৰি থকা হৈছে । আনহাতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে কৰ্মস্থানত, ৰাজহুৱা স্থানত, কেণ্টিন ইত্যাদিত সকলো লোককে ।
- লক্ ডাউনৰ চতুৰ্থ পৰ্যায়ত ক্ৰীড়া কমপ্লেক্স সমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে । ইয়াৰ দ্বাৰা খেলুৱৈ সকলে নিজৰ-নিজৰ অনুশীলন সমূহ কৰিবলৈ সক্ষম হ'ব । অৱশ্য়ে দৰ্শকৰ উপস্থিতিত বৰ্তমানো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে ক্ৰীড়া অনুষ্ঠান, জনসমাগম, বৃহৎ সভাৰ বৰ্তমানো অনুমতি প্ৰদান কৰা হোৱা নাই বৰ্তমানলৈ । পূৰ্বতে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে অলিম্পিক-বাউণ্ড এথলিটছৰ বাবে এই মাহৰ শেষৰ ফালে ৰাষ্ট্ৰীয় শিৱিৰৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছিল ।
- চতুৰ্থ লক্ ডাউনতো ৩১ মে'লৈ বাহাল থাকিব জন-সমাগম, স্কুল-কলেজ, বিশ্ববিদ্যালয়, শ্ব'পিং ম'ল, হোটেল, ৰেষ্টুৰাঁ, বিমান সেৱা চলাচল, চিনেমা হল, চুইমিং পুল, জীম, মেট্ৰ' সেৱাত নিষেধজ্ঞা । ঘৰুৱা এয়াৰ এম্বুলেঞ্চ সেৱাক বাদ দি সকলো ঘৰুৱা, আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা বন্ধ থাকিব দেশত । ইয়াৰ ওপৰি সকলো সামাজিক, ৰাজনৈতিক, ধৰ্মীয় অনুষ্ঠান, মন্দিৰ, মছজিদ, গীৰ্জা যি কোনো ঠাইত প্ৰাৰ্থনা ইত্যাদি বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা প্ৰকাশিত ৯ পৃষ্ঠাৰ নিৰ্দেশাৱলীত লক্ ডাউন ৪.০ ত কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰি তাৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰা হৈছে । দেশত সংক্ৰমণ ৰোধ কৰাৰ বাবেই চতুৰ্থ পৰ্যায়ৰ লক্ ডাউনৰ ব্যৱস্থা হাতত লোৱা হৈছে চৰকাৰৰ পৰা । ভাৰতবৰ্ষত বৰ্তমানলৈকে প্ৰায় ৯৬ হাজাৰত তৈ অধিক লোক আক্ৰান্ত হৈছে COVID-১৯ মহামাৰীত । আনাহতে ৩ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।
![Lockdown 4.0: Persons above 65 years of age, pregnant women, children below 10 advised to stay at home](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7239798_575_7239798_1589732709462.png)
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ফালৰ পৰাই লক্ ডাউনৰ সময়-সীমা ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ এক নিৰ্দেশ দেওবাৰে প্ৰদান কৰা হয় ।