নিউজ ডেস্ক , 8 এপ্ৰিলঃ লক ডাউনৰ আজি 15 দিন ৷ ৰাজ্যবাসীয়ে সমৰ্থন জনাই গৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানক ৷ ফলস্বৰূপে গৃহবন্দী হৈ আছে সকলো ৷ প্ৰতিদিনে একোখনকৈ জিলা পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে ৷ আনহাতে স্বাস্থ্য ব্যৱস্থাটো কোনো ক্ৰটি এৰা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে ৰাজ্যৰ কৰ'ণা ৰোগীসকলক চিকিৎসা আগবঢ়াই থকা চিকিৎসাকৰ্মীৰ দলটোক কোৱাৰানটাইনৰ বাবে পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিভান্তালৈ পঠিওৱা হয় ৷ হাস্পতালৰ পৰা ওলাই অহাৰ পাছতে দ্বিতীয় দলটোৱে প্ৰথম দলটোক গামোচাৰে সম্বাৰ্ধণা জ্ঞাপন কৰে ৷ আজিও লখিমপুৰ, শদিয়া সৰুপথাৰৰ লগতে কৰিমগঞ্জত আৰক্ষীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ৷ আনহাতে ই টিভি ভাৰতৰ বাতৰি প্ৰভাৱৰ পাছতে শিলচৰৰ ৰেড লাইট অঞ্চলত খাদ্য সামগ্ৰী প্ৰদান কৰে কেবাটাও বেচৰকাৰী সংগঠনে ৷ আজি নগাঁও পৰ্যবেক্ষণৰ বাবে আহে যোগান মন্ত্ৰী ফণী ভূষণ চৌধৰী ৷ উল্লেখ্য যে, বিজেপি দলে কংগ্ৰেছীসকলক খাদ্য সামগ্ৰী প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷
15 দিনত দেশজুৰি সামগ্ৰিক পৰিৱেশ...
দিল্লীঃ বুধবাৰে COVID 19 ত আক্ৰান্ত হয় দিল্লীৰ কালকাজিৰ অন্তৰ্গত দিল্লী আৰক্ষীয়ে বাস কৰা অঞ্চলটোৰ এগৰাকী আৰক্ষী বিষয়া ৷ ফলত সম্পূৰ্ণ অঞ্চলটো ছীল কৰে আৰক্ষীয়ে ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জেনে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত দিল্লীক কৰ'ণাত আক্ৰান্তৰ সংখ্যা 576 ৷ আনহাতে ৰাজ্যপাল অনিল বাইজলে চবে বৰাটৰ বাবে মুছলমান ধৰ্মাৱলম্বী লোকসকলক ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনাই ৷ ৰাজ্যখনৰ ফৰিদাবাদ জিলাৰ 13 টা অঞ্চলক প্ৰশাসনে নিয়ন্ত্ৰণ ক্ষেত্ৰ হিচাবে ঘোষণা কৰে ৷
মুম্বাইঃ আজি ৰাজ্যখনত এজন কচাইৰ লগতে এগৰাকী স্বাস্থ্যকৰ্মী কৰ'ণা আক্ৰান্ত হয় ৷ ফলত চহৰখনৰ প্ৰায় গাখীৰ, পাচলী, ফলৰ দোকান পোহৰ বন্ধ কৰে প্ৰশাসনে ৷ আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধব থাকৰে গৃহত মোতায়ন কৰা এগৰাকী আৰক্ষীও কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ গৃহৰ নিকটৱৰ্তি এগৰাকী চাহ দোকানীও কৰ'ণাত আক্ৰান্ত হোৱা বুলি জনাই ৰাজ্যিক গৃহমন্ত্ৰী অনিল দেশমুখে ৷
হাইদৰাবাদঃ চহৰখনৰ এটা মুছলমান কমিটিয়ে কৰ্তব্যৰত চিকিৎসক সকলক PPE (personal protective equipment) বিতৰণ কৰে ৷ বিজয়বাদা পৌৰসভাৰ আয়ুক্তই অঞ্চলটোৰ প্ৰতিঘৰতে গৈ COVID 19 পৰীক্ষা কৰিবলৈ এটা দল সাজু কৰিছে ৷ অন্ধপ্ৰদেশৰ ৰাজ্যপাল বিশ্বভূষণে হৰিচন্দনে নিজৰ এবছৰৰ দৰমহাৰ পৰা 30 শতাংশ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজীলৈ প্ৰদান কৰে ৷
ছণ্ডিগড়ঃ লকডাউনৰ বাবে চহৰখনৰ চৰকাৰী বিদ্যালয়সমূহৰ কম্পিউটাৰ প্ৰশিক্ষকসকলক বৰ্তমানলৈ প্ৰদান কৰা হোৱা এই মাহৰ দৰমহা ৷ ৰাজ্যখনত যিসকলৰ ইতিমধ্যে হোম কোৱাৰানটাইনৰ সময়সীমা শেষ হৈছে তেওঁলোকে নিজৰ গৃহৰ পৰা কোৱাৰানটাইনৰ ফলক উঠোৱাৰ অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে ৷ বিগত 15 দিনত আৰক্ষীয়ে লক ডাউন ভংগকাৰী 9,260 জনক আটক কৰিছে ৷
বাঙ্গালুৰুঃ মঙলবাৰে সন্ধিয়া 5 বজালৈ চহৰখনত পুনৰ 5 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হয় ৷ এই পৰ্যন্ত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 181 জন ৷ আজি হনুমান জয়ন্তী উপলক্ষে ভক্তসকলে মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ সময়টো সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখে ৷
কলিকতাঃ কলিকতা বিশ্ববিদ্যালয়ে তেওঁলোকৰ মানৱসম্পদ আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি সম্পূৰ্ণ নিজ প্ৰচেষ্টাৰে চেনিটাইজাৰ প্ৰস্তুত কৰি কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুদ্ধখনত সহায়ৰ হাত আগবঢ়াইছে ৷ গুৰুত্বপূৰ্ণ যে , বিশ্ববিদ্যালখনৰ মনঃস্বত্ব আৰু প্ৰায়োগিক মনঃস্বত্ব বিভাগে তালাবন্দীৰ সময়ত হ’ব পৰা নিৰাশা বা মানসিক ৰোগ দূৰ কৰা সম্বন্ধত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাউন্সিলিঙৰ ব্যৱস্তা কৰে ৷ আনহাতে চীনৰ পৰা সুস্থ শৰীৰেৰে কলিকতাত উপস্থিত হয় অৰুণাচল প্ৰদেশৰ 21 বছৰীয়া তগলি চিঙকামান ৷ তেওঁক সম্বৰ্ধণা জনায় ভাৰতীয় সেনাই ৷ আনহাতে আগন্তুক চবে বৰাচৰ বাবে সকলোকে নিজ নিজ গৃহতে থাকিবলৈ আহ্বান জনাই ৰাজ্য প্ৰশাসনে ৷