ETV Bharat / bharat

ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ প্ৰতি মুহূৰ্তৰ খবৰ LIVE - মোডীক প্ৰসংশা ট্ৰাম্পৰ

তাজমহল অভিমুখে ট্ৰাম্প !
DONALD TRUMP'S INDIA VISIT PROGRAM
author img

By

Published : Feb 24, 2020, 10:48 AM IST

Updated : Feb 24, 2020, 6:54 PM IST

18:47 February 24

দিল্লী অভিমুখে যাত্ৰা ট্ৰাম্পৰ

দিল্লী অভিমুখে যাত্ৰা ট্ৰাম্পৰ
দিল্লী অভিমুখে যাত্ৰা ট্ৰাম্পৰ

তাজমহল দৰ্শনৰ অন্তত দিল্লী অভিমুখে উৰা মাৰিলে ড'নাল্ড ট্ৰাম্প, মেলেনিয়া ট্ৰাম্প, ইভাংকা ট্ৰাম্প আৰু জাৰেদ কুছনাৰে ৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ট্ৰাম্পক উপহাৰ হিচাপে প্ৰদান কৰে তাজমহলৰ এখন ছবি ৷ নিশাটো দিল্লীতে কটাব ট্ৰাম্প পৰিয়ালে ৷ মঙলবাৰে পুৱা 10 বজাত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ৷ 

17:30 February 24

দৰ্শনাৰ্থীৰ টোকাত কি লিখিলে ট্ৰাম্পে

দৰ্শনাৰ্থীৰ টোকাত কি লিখিলে ট্ৰাম্পে ৷  

17:24 February 24

তাজমহলত ট্ৰাম্প তনয়া ইভাংকা

তাজমহলত ট্ৰাম্প তনয়া ইভাংকা
তাজমহলত ট্ৰাম্প তনয়া ইভাংকা

তাজমহলত ট্ৰাম তনয়া ইভাংকা ৷ লগত আছে ট্ৰাম্পৰ জোঁৱাই ৷ খোজকাঢ়ি তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিলে ইভাংকাই ৷ 

17:17 February 24

তাজমহলৰ সন্মুখত ৰৈ ফটোৰ বাবে প'জ দিলে ট্ৰাম্প দম্পতীয়ে

তাজমহলৰ সন্মুখত ৰৈ ফটোৰ বাবে প'জ দিলে ট্ৰাম্প দম্পতীয়ে ৷ তাজমহলত ট্ৰাম্পে লিখিলে দৰ্শনাৰ্থীৰ টোকা ৷ পদব্ৰজে তাজমহলৰ চৌপাশ ভ্ৰমণ ট্ৰাম্পৰ ৷ 

17:08 February 24

তাজমহলত দৰ্শনাৰ্থীৰ টোকা লিখিলে ট্ৰাম্পে

দৰ্শনাৰ্থীৰ টোকা লিখিলে ট্ৰাম্পে
দৰ্শনাৰ্থীৰ টোকা লিখিলে ট্ৰাম্পে

তাজমহলত ট্ৰাম্পে লিখিলে দৰ্শনাৰ্থীৰ টোকা ৷ পদব্ৰজে তাজমহলৰ চৌপাশ ভ্ৰমণ ট্ৰাম্পৰ ৷ 

17:05 February 24

তাজমহলত ট্ৰাম্প দম্পতী

তাজমহলত ট্ৰাম্প দম্পতী
তাজমহলত ট্ৰাম্প দম্পতী

তাজমহলত ট্ৰাম্প দম্পতী ৷ এইদৰে ফটোৰ বাবে প'জ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি আৰু মাৰ্কিন ফাৰ্ষ্ট লেডীয়ে ৷ 

17:01 February 24

তাজমহলত উপস্থিত ড'নাল্ড ট্ৰাম্প

তাজমহলত উপস্থিত ড'নাল্ড ট্ৰাম্প
তাজমহলত উপস্থিত ড'নাল্ড ট্ৰাম্প

তাজমহলত উপস্থিত ড'নাল্ড ট্ৰাম্প আৰু মেলেনিয়া ট্ৰাম্প ৷ 

16:41 February 24

তাজমহল অভিমুখে ট্ৰাম্প !

তাজমহল অভিমুখে ট্ৰাম্প !
তাজমহল অভিমুখে ট্ৰাম্প !

তাজমহল অভিমুখে ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ৷ লগত আছে পত্নী মেলেনিয়া ট্ৰাম্প, কন্যা ইভাংকা ট্ৰাম্প আৰু জাৰেদ কুছনাৰ ৷

16:25 February 24

ড'নাল্ড ট্ৰাম্পক আদৰিলে যোগী আদিত্য নাথে

আগ্ৰাত ট্ৰাম্পক উষ্ম আদৰণি
আগ্ৰাত ট্ৰাম্পক উষ্ম আদৰণি

আগ্ৰাত উপস্থিত হ'ল সপত্নীক মাৰ্কিন ৰাষ্ট্ৰপতি ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আদৰণি জনায় ড'নাল্ড ট্ৰাম্পক ৷ তাজমহল দৰ্শন কৰিব ট্ৰাম্পে ৷ 

16:14 February 24

আগ্ৰাত উপস্থিত ট্ৰাম্প দম্পতী

আগ্ৰাত উপস্থিত ট্ৰাম্প দম্পতী
আগ্ৰাত উপস্থিত ট্ৰাম্প দম্পতী

ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে আগ্ৰাত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু পত্নী তথা ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্প ৷ তাজমহল দৰ্শন কৰিব ট্ৰাম্প দম্পতীয়ে ৷ 

15:04 February 24

আগ্ৰা অভিমুখে ৰাওনা ট্ৰাম্প দম্পতী

আগ্ৰা অভিমুখে ট্ৰাম্প দম্পতী
আগ্ৰা অভিমুখে ট্ৰাম্প দম্পতী

আহমেদাবাদ ত্যাগ কৰিলে ড'নাল্ড ট্ৰাম্প আৰু মিলেনিয়া ট্ৰাম্পে ৷ আহমেদাবাদৰ পৰা আগ্ৰা অভিমুখে ৰাওনা হৈছে ট্ৰাম্প দম্পতী ৷ কিছু সময় আগ্ৰাত তাজমহল দৰ্শন কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ৷ 

14:49 February 24

নৰেন্দ্ৰ মোডীক প্ৰসংশা ড'নাল্ড ট্ৰাম্পৰ

মোডীক প্ৰসংশা ট্ৰাম্পৰ

মোডীক প্ৰসংশা কৰি ট্ৰাম্পে কয় যে, মোডীয়ে প্ৰথমে চাহ বিক্ৰী কৰিছিল ৷ সকলোৱে তেওঁক ভাল পায় ৷ মই কওঁ যে, তেওঁ অতি কঠিন ৷ প্ৰধানমন্ত্ৰী মোডী কেৱল গুজৰাটৰ গৌৰৱ নহয়, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে ভাৰতীয়ই যিকোনো কাৰ্য সাধন কৰিব পাৰে তাৰ আপুনি জীৱন্ত সাক্ষী ৷  প্ৰধানমন্ত্ৰী মোডী হৈছে শুভ উত্থানৰ এক জীৱন্ত কাহিনী ৷ 

14:32 February 24

130 কোটি মানুহে নৱ ভাৰত নিৰ্মাণ কৰিছে : মোডী

ড'নাল্ড ট্ৰাম্পক সম্বোধন মোডীৰ
ড'নাল্ড ট্ৰাম্পক সম্বোধন মোডীৰ

নৰেন্দ্ৰ মোডী : আজি 130 কোটি মানুহে নৱ ভাৰত নিৰ্মাণ কৰিছে ৷ আজি ভাৰতত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামেই নাই, ভাৰতে পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য বীমাও চলাই আছে ৷ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চ'লাৰ পাৰ্কেই নিৰ্মাণ হোৱা নাই, সৰ্ববৃহৎ স্বচ্ছতাৰ অভিযানো চলি আছে ৷ ট্ৰাম্পৰ এই যাত্ৰাই ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ নতুন অধ্যায়ৰ সূচনা কৰিলে ৷

14:02 February 24

ম'টেৰাত ড'নাল্ড ট্ৰাম্পৰ বক্তব্য

ম'টেৰাত ড'নাল্ড ট্ৰাম্পৰ বক্তব্য
ম'টেৰাত ড'নাল্ড ট্ৰাম্পৰ বক্তব্য

ড'নাল্ড ট্ৰাম্প : আমেৰিকাই ভাৰতক ভালপায়, সন্মান কৰে আৰু আমেৰিকা সদায় ভাৰতৰ প্ৰতি দয়ালু,বিশ্বাসী আৰু বন্ধু হৈ থাকিব ৷ 5 মাহ আগতে আমেৰিকাই এখন ফুটবল ষ্টেডিয়াম উদ্বোধন কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল ৷ আজি ভাৰতে মোক বিশ্বৰ বৃহৎ ষ্টেডিয়ামখন উদ্বোধন কৰিবলৈ দিছে ৷ এই উল্লেখনীয় আতিথ্য আমি সদায় মনত ৰাখিম ৷ ভাৰতে আমাৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি আছে ৷ মোডীয়ে প্ৰথমে চাহ বিক্ৰী কৰিছিল ৷ সকলোৱে তেওঁক ভাল পায় ৷ মই কওঁ যে, তেওঁ অতি কঠিন ৷ প্ৰধানমন্ত্ৰী মোডী কেৱল গুজৰাটৰ গৌৰৱ নহয়, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে ভাৰতীয়ই যিকোনো কাৰ্য সাধন কৰিব পাৰে তাৰ আপুনি জীৱন্ত সাক্ষী ৷  প্ৰধানমন্ত্ৰী মোডী হৈছে শুভ উত্থানৰ এক জীৱন্ত কাহিনী ৷ 

সমগ্ৰ পৃথিৱীৰ মানুহে বলীউডৰ চিনেমা উপভোগ কৰি ভালপায় ৷ ভাঙৰা আৰু শাস্ত্ৰীয় ছবি যেনে ডি ডি এল জে আৰু চোলে ৷ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ প্ৰসংগও উল্লেখ কৰে ট্ৰাম্পে ৷ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতক শক্তিশালী অস্ত্ৰ যোগান ধৰিব ৷  

দুয়োখন দেশেই উগ্ৰ ইচলামিক মৌলবাদৰ বিৰোধিতা কৰে ৷ মোৰ নেতৃত্বত আমেৰিকান মিলিটেৰীয়ে আইচিচ ধ্বংস কৰিছে ৷ বাগদাদীকো হত্যা কৰা হৈছে ৷  

মই জনাবলৈ পাই সুখী হৈছো যে, আমাৰ প্ৰতিনিধিয়ে 3 বিলিয়ন আমেৰিকান ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিব ৷ যাৰ দ্বাৰা মিলিটেৰী হেলিকপ্টাৰ আৰু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ভাৰতীয় সেনাক যোগান ধৰা হ'ব ৷  

পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্ক যঠেষ্ট ভাল ৷ এই পদক্ষেপক ধন্যবাদ জনায় আমি পাকিস্তানৰ সৈতে সম্পৰ্ক অধিক গাঢ় হোৱাতো বিচাৰো ৷ দক্ষিণ এছিয়াৰ দেশ সমূহত অধিক শান্তি, আৰু সমতা স্থাপন হোৱাতো বিচাৰোঁ ৷

13:57 February 24

ড'নাল্ড ট্ৰাম্পক সম্বোধন মোডীৰ

ড'নাল্ড ট্ৰাম্পক সম্বোধন মোডীৰ
ড'নাল্ড ট্ৰাম্পক সম্বোধন মোডীৰ

এই অনুষ্ঠানৰ নাম "নমস্তে ট্ৰাম" ৷ ইয়াৰ অৰ্থ অতি তাৎপৰ্যপূৰ্ণ ৷ পৃথিৱীৰ প্ৰাটীনতম ভাষা সংস্কৃতৰ শব্দ এইয়া ৷ ইয়াৰ অৰ্থ কেৱল ব্যক্তিগৰাকীক নহয়, তেখেতৰ ভিতৰত নীহিত বিভিন্নতাক প্ৰণাম জনোৱা ৷  

ট্ৰাম্পৰ এই যাত্ৰাই ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ নতুন অধ্যায়ৰ সূচনা কৰিলে ৷ এনে এক অধ্যায় যি আমেৰিকা আৰু ভাৰতৰ লোকৰ উন্নয়ন আৰু প্ৰগতিৰ নতুন দস্তাবেজ নিৰ্মাণ কৰিব ৷  

13:35 February 24

ম'টেৰাত উপস্থিত ট্ৰাম্পৰ কন্যা ইভাংকা

ম'টেৰাত উপস্থিত ট্ৰাম্প কন্যা
ম'টেৰাত উপস্থিত ট্ৰাম্প কন্যা

ম'টেৰা ষ্টেডিয়ামত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড্ৰ'নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ৷ "নমস্তে ট্ৰাম্প" অনুষ্ঠানত অংশ ল'ব ড'নাল্ড ট্ৰাম্প আৰু পত্নী মিলেনীয়া ট্ৰাম সহিতে জী-জোঁৱাইয়ে ৷

13:27 February 24

লোকে লোকাৰণ্য হৈ পৰিছে ম'টেৰা ষ্টেডিয়াম

ম'টেৰাত উপস্থিত সৌৰভ গাংগুলী
ম'টেৰাত অগণন লোকৰ ভিৰ

লোকে লোকাৰণ্য হৈ পৰিছে ম'টেৰা ষ্টেডিয়াম ৷ ক্ষন্তেক পাচতে ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম  ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও উপস্থিত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ৷ 

13:10 February 24

ক্ষন্তেক পাচতে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত বক্তব্য ৰাখিব ট্ৰাম্পে

ক্ষন্তেক পাচতে ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম  ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইতিমধ্যে লক্ষাধিক লোকে ভৰি পৰিছে চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷ 

12:56 February 24

ম'টেৰা ষ্টেডিয়ামত উপস্থিত ড্ৰ'নাল্ড ট্ৰাম্প

ম'টেৰাত উপস্থিত ট্ৰাম্প
ম'টেৰাত উপস্থিত ট্ৰাম্প

ম'টেৰা ষ্টেডিয়ামত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহিতে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইতিমধ্যে লক্ষাধিক লোকে ভৰি পৰিছে চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷ 

12:52 February 24

সৱৰমতি আশ্ৰমৰ পৰা ম'টেৰা অভিমুখে যাত্ৰা ট্ৰাম্পৰ

সৱৰমতি আশ্ৰম ত্যাগ ড'নাল্ড ট্ৰাম্পৰ
সৱৰমতি আশ্ৰম ত্যাগ ড'নাল্ড ট্ৰাম্পৰ

সৱৰমতি আশ্ৰম ত্যাগ ড'নাল্ড ট্ৰাম্পৰ ৷ পোনে পোনে যাত্ৰা কৰিছে ম'টেৰা ষ্টেডিয়ামলৈ ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইতিমধ্যে লক্ষাধিক লোকে ভৰি পৰিছে চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷ 

12:46 February 24

সৱৰমতি আশ্ৰমত ট্ৰাম্পে লিখিলে পৰিদৰ্শন টোকা

পৰিদৰ্শন স্বাক্ষৰ কৰা অৱস্থাত ট্ৰাম্প দম্পতী

সৱৰমতি আশ্ৰম পৰিদৰ্শনৰ অন্তত এটি টোকা লিখিলে ট্ৰাম্প দম্পতীয়ে ৷ গান্ধীজীৰ আলোকচিত্ৰ. যঁতৰ, তিনিটা বান্দৰ আদি বিভিন্ন সম্পদ পৰিদৰ্শন কৰিলে ট্ৰাম্পে ৷ 

12:35 February 24

সৱৰমতি আশ্ৰমত যঁতৰেৰে সূতা কাটিলে ট্ৰাম্পে

সৱৰমতি আশ্ৰমত যঁতৰেৰে সূতা কাটিলে ট্ৰাম্পে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে এফালৰ পৰা গান্ধীজীৰ স্মৃতি বিজড়িত সম্পদ সমূহ প্ৰত্যক্ষ কৰাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ৷ 

12:27 February 24

সৱৰমতি আশ্ৰমত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি

সৱৰমতি আশ্ৰমত উপস্থিত হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ নৰেন্দ্ৰ মোডী সহিতে কিছুপৰ  আশ্ৰমত কটাব ট্ৰাম্পে ৷ তাৰ পৰা ম'টেৰা ষ্টেডিয়ামলৈ যাব ৰাষ্ট্ৰপতিগৰাকী ৷ 

12:14 February 24

সৱৰমতি আশ্ৰমলৈ মোডী-ট্ৰাম্প

সৱৰমতি আশ্ৰমলৈ মোডী-ট্ৰাম্প

আহমেদাবাদ বিমান বন্দৰৰ পৰা পোনে পোনে সৱৰমতি আশ্ৰমলৈ যাত্ৰা কৰিছে ট্ৰাম্প দম্পতীয়ে ৷ পত্নী মিলেনীয়া ট্ৰাম্পৰ উপৰিও লগত আছে জী-জোঁৱাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সহিতে সৱৰমতি আশ্ৰমত কিছু সময় কটাব ট্ৰাম্পে ৷ পথৰ দুয়োকাষে দেখা গৈছে প্ৰায় 1.5 মিলিয়ন জনতা ৷ 

11:58 February 24

ড'নাল্ড ট্ৰাম্পক উষ্ম আদৰণি নৰেন্দ্ৰ মোডীৰ

বিমান বন্দৰত ট্ৰাম্পক আলিংগন মোডীৰ ৷ গুজৰাটৰ থলুৱা নৃত্যৰে আদৰণি মাৰ্কিন ৰাষ্ট্ৰপতিক ৷ বিমান বন্দৰৰ পৰা সৱৰমতী আশ্ৰমলৈ যাব ট্ৰাম্প ৷ 

11:42 February 24

ভাৰতত উপস্থিত ট্ৰাম্প !

ভাৰতত পদাৰ্পণ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে

ভাৰতত পদাৰ্পণ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ ট্ৰাম্পৰ লগত আহিছে পত্নী তথা ফাৰ্ষ্ট লেডী মিলেনীয়া ট্ৰাম্প আৰি জী-জোঁৱাই ৷ ট্ৰাম্পক আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত নৰেন্দ্ৰ মোডী ৷ 

11:36 February 24

ট্ৰাম্পক সম্ভাষণ জনায় মোডীয়ে লিখিলে "অতিথি দেৱো ভৱঃ"

DONALD TRUMP'S INDIA VISIT PROGRAM
মোডীয়ে লিখিলে "অতিথি দেৱো ভৱঃ"

ড'নাল্ড ট্ৰাম্পে হিন্দী ভাষাত কৰা টুইটৰ প্ৰত্যুত্তৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ প্ৰতি উত্তৰত মোডীয়ে লিখিলে "অতিথি দেৱো ভৱঃ" ৷

11:08 February 24

ম'টেৰাত উপস্থিত সৌৰভ গাংগুলী

ম'টেৰাত উপস্থিত সৌৰভ গাংগুলী
ম'টেৰাত অগণন লোকৰ ভিৰ

ইতিমধ্যে ম'টেৰাত উপস্থিত হৈছে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী ৷ লোকে অজস্ৰ লোকেৰে ভৰি পৰিছে ষ্টেডিয়াম ৷ 

10:54 February 24

ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ গুজৰাটত ব্যাপক উচাহ

LIVE UPDATE OF DONALD TRUMP'S INDIA VISIT PROGRAM

ড'নাল্ড আগমনৰ বাবে গুজৰাটত আহমেদাবাদ বিমান বন্দৰৰ সমীপত এদৰে নৃত্য কৰা দেখা গৈছে একাংশ ছাত্ৰ-ছাত্ৰীক ৷

10:26 February 24

হিন্দীতে টুইট কৰিলে ট্ৰাম্পে

DONALD TRUMP'S INDIA VISIT PROGRAM
ড'নাল্ড ট্ৰাম্পৰ টুইট

দিনৰ 11 বাজি 40 মিনিটত আহমেদাবাদত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প৷ ইয়াৰ পাছতে সৱৰমতি আশ্ৰম পৰিভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিক আদৰিবলৈ আহমেদাবাদত পূৰ্ণ প্ৰস্তুতি ৷ ম'টেৰা ষ্টেডিয়ামৰ বাহিৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷ আহমেদাবাদত  'নমস্তে ট্ৰাম্প' অনুষ্ঠানত অংশগ্ৰহণ কৰিব ট্ৰাম্পে ৷

ইতিমধ্যে আৰম্ভ হৈছে ম'টেৰা ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশ ৷ সমান্তৰালভাৱে ৰাজধানী চহৰ দিল্লীতো ট্ৰাম্পৰ আগমনক লৈ দেখা পোৱা গৈছে ব্যাপক তৎপৰতা ৷ পথৰ দুয়োকাষে দেখা গৈছে ভাৰত আৰু আমেৰিকাৰ পতাকাৰ লগতে ড্ৰ'নাল্ড ট্ৰাম্প আৰু মিলেনিয়া ট্ৰাম্পৰ হৰ্ডিং ৷  

ম'টেৰা ষ্টেডিয়ামৰ সমান্তৰালকৈ সৱৰমতি আশ্ৰমৰ চৌপাশে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ স্নিফাৰ ডগেৰে নিৰীক্ষণ অব্যাহত ৰাখিছে প্ৰশাসনে ৷  

সৱৰমতি আশ্ৰমৰ সমীপত ড'নাল্ড ট্ৰাম্পক আদৰিবলৈ সাজু Sola Bhagwat বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীসকল ৷  হাতে হাতে ভাৰত আৰু আমেৰিকাৰ পতাকা লৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক স্বাগতম জনাবলৈ সাজু এইসকল ছাত্ৰ-ছাত্ৰী ৷  আহমেদাবাদত 3 ঘণ্টা কটোৱাৰ পাছত বিয়লি 3.30 বজাত আগ্ৰালৈ উৰা মাৰিব ট্ৰাম্প ৷

নমস্তে ট্ৰাম্প অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইফালে ভাৰতত উপস্থিত হোৱাৰ পূৰ্বে টুইটযোগে"Hum Bharat aane ke liye tatpar hain. Hum raaste mein hain, kuch hi ghanton mein hum sabse milenge."বুলি মন্তব্য ড'নাল্ড ট্ৰাম্পৰ ৷ 

Last Updated : Feb 24, 2020, 6:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.