ETV Bharat / bharat

লাডাখ সীমান্ত পৰিভ্ৰমণ সেনাৰ শীৰ্ষ বিষয়াৰ

author img

By

Published : Apr 24, 2019, 12:50 PM IST

সীমান্তৰ দৈনিক অভিযানৰ লগতে ভাৰত-চীন সীমা পৰ্যবেক্ষণ আৰু সৈনিকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় স্থলসেনাৰ নৰ্ডান কামাণ্ডৰ শীৰ্ষ বিষয়া লে.জেন. ৰনবীৰ সিং ৷

লাডাখ সীমান্তত লে. জেন. ৰনবীৰ সিং

নিউজ ডেস্ক, 24 এপ্ৰিলঃ নৰ্ডান কামাণ্ডৰ জেনেৰেল অফিচাৰ ইন কামাণ্ডিং ইন চীফ চমুকৈ জি অ চি ইন চি লেফ. জেন. ৰনবীৰ সিং উপস্থিত হয় লাডাখৰ শীৰ্ষ সেনা চাউনীত ৷ চীন সীমান্ত লাডাখ অঞ্চলত কৰ্তব্যৰত সেনাৰ লাডাখ স্কাউটৰ বিষয়া জোৱানসকলৰ সৈতে সামৰিক আলোচনাত মিলিত হয় সেনাৰ শীৰ্ষ বিষয়াগৰাকী ৷

লাডাখ সীমান্তত লে. জেন. ৰনবীৰ সিং

সেনাৰ সামৰিক দায়িত্বৰ ক্ষীপ্ৰতা আৰু অন্যান্য সামৰিক তথা অভিযানমূলক দিশসমূহৰ বুজ লোৱাৰ উদ্দেশ্যেই এইদৰে লাডাখ সীমান্ত ভ্ৰমণ কৰে সেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷ লেফ. জেন. সিঙৰ এই ভ্ৰমণকালত তেওঁক সংগ দিয়ে 14 কৰ্পছৰ কামাণ্ডাৰ লেফ. জেন য়োগেশ কুমাৰ যোশীয়ে ৷ আনহাতে দুয়োগৰাকী বিষয়াক সামগ্ৰিক সামৰিক দিশৰ লগতে সুৰক্ষাজনিত দিশৰ ওপৰত বিতং তথ্য প্ৰদান কৰে তৃতীয় ইনফেন্ট্ৰী ডিভিজন ওৰফে ত্ৰিশূল ডিভিজনৰ কামাণ্ডাৰে ৷ নিজৰ ভ্ৰমণকালত লাডাখত দায়িত্বৰত সেনা বিষয়া-জোৱানসকলৰ কষ্ট আৰু ত্যাগৰ প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ'ব পৰাকৈ নিৰ্দেশ প্ৰদান কৰে ৷

Intro:Body:

Lieutenant General Ranbir Singh visits Eastern Ladakh

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.