মাৰ্টিন লুথাৰ কিং জুনিয়ৰ,ডালাই লামা,নেলচন মেণ্ডেলা,এডলফ্ পেৰেজ এচকুইভেলৰ দৰে নোবেল পুৰস্কাৰ বিজয়ী বিভিন্ন দেশৰ নেতাসকল গান্ধীজীৰ নীতি আৰু আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল ৷ নেলচন মেণ্ডেলা আৰু ডেচমণ্ড টুটুয়ে দক্ষিণ আফ্ৰিকাত তুলনামূলকভাৱে শান্তিপূৰ্ণ গণতন্ত্ৰৰ ৰূপান্তৰৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছিল ৷ যি ক’লা বিৰোধীসকলৰ আন্দোলনৰ অহিংসাৰ উপাদানসমূহক আতৰাই পঠোৱাৰ বাবে আহ্বান জনাইছিল ৷ মাৰ্টিন লুথাৰ কিং আমেৰিকান গান্ধী হিচাপে জনপ্ৰিয় আছিল ৷ তেখেতে ‘পিলগ্ৰিমেজ অৱ ননভায়োলেন্স’ত লিখিছিল যে-‘গান্ধীৰ দৰ্শনৰ গভীৰতা অনুধাৱন কৰাৰ লগে লগেই প্ৰেমৰ শক্তি সম্পৰ্কে মোৰ সংশয় ধীৰে ধীৰে হ্ৰাস পায় আৰু মই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰো যে প্ৰেমৰ খ্ৰীষ্টান মতবাদ গান্ধীয়ান দৰ্শনৰ দ্বাৰাই পৰিচালিত হৈছিল- হিংসা হ’ল স্বাধীনতা সংগ্ৰামৰ নিপীড়িত লোকসকলৰ কাষত উপলব্ধ অন্যতম শক্তিশালী অস্ত্ৰ ’
ইতিহাস সাক্ষী যে অহিংসাই বহুতো সফলতা অৰ্জন কৰিছিল ৷ 1960 চনত আমেৰিকান নাগৰিক আন্দোলনত মাৰ্টিন লুথাৰ কিঙৰ নেতৃত্বত আফ্ৰিকান আমেৰিকানসকলৰ ৰাজনৈতিক অধিকাৰৰ সমাপ্তি ঘটে ৷ পূৱ ইউৰোপতো সাম্যবাদৰ পতন ঘটে যেতিয়া পোলেণ্ডত সংহতি আৰু যোগ'শ্ল’ভিয়াত চাৰ্টাৰ 77ৰ দৰে বাহিনীৰ নেতৃত্বত অহিংসা প্ৰতিৰোধৰ মুখামুখি হয় ৷ 1986 চনতো ফিলিপাইনত ফৰ্ডিনান্দ মাৰ্কোচৰ একনায়কত্ববাদক ক্ষমতাচ্যুত কৰি এক বিশাল জনগনৰ শক্তিক প্ৰদৰ্শন কৰা হয় ৷ সেনাবাহিনীৰ লোকসকলেও জনসাধাৰণৰ বুজনিত আন্দোলনকাৰী লোকসকলৰ ওপৰত গুলি চলাবলৈ অমান্তি হয় ৷ সেনাৰ বাহন চলোৱা পুৰুষসকলৰ হাতত গোলাপ উপহাৰ দিয়াৰ ছবিসমূহ এতিয়াও গণতন্ত্ৰপন্থী আন্দোলনৰ সমৰ্থনত স্মৃতি হিচাপে অংকিত হৈ আছে ৷
জোচেফ জীন লেঞ্জা ডেল ভাষ্টো আছিল এজন বিখ্যাত খ্ৰীষ্টান আদৰ্শবাদী ব্যক্তি, যি 1937 চনত গান্ধীজীক সাক্ষাৎ কৰিবলৈ ৱাৰ্ধালৈ আহিছিল ৷ তেখেত গান্ধীজীৰ এজন অনুৰাগী হৈ পৰিছিল আৰু গান্ধীজীয়েও তেখেতক ‘শান্তিদাস’ উপাধি প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত ডেল ভেষ্টোই 1957 চনত ফ্ৰান্সৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছিল, আৰু ফৰাচীসকলৰ দ্বাৰা আলজেৰিয়া নিৰ্যাতনৰ প্ৰতিবাদত 20 দিনৰ অনশন কৰিছিল ৷ পেলেষ্টাইনৰ অধ্যাপক এডৱাৰ্ড চৈদ ‘গাজাৰ গান্ধী’ হিচাপে বিখ্যাত আছিল ৷ দক্ষিণ আফ্ৰিকাৰ ডাৰবান পথটোৰ নামো গান্ধীজীৰ নামেৰেই নামাকৰণ কৰা হৈছিল ৷ 2005 চনত এক বিল বোৰ্ডৰ প্ৰচাৰত গান্ধীজীয়ে লজ এঞ্জেলেচ, আটলান্টা, আৰু মাৰ্কিন যুক্তৰাষ্টৰ আন্যান্য চহৰসমূহত তেখেতৰ যঁতৰৰ কাৰ্য প্ৰদৰ্শন কৰিছিল যি প্ৰমাণ কৰিছিল যে গান্ধীজীয়ে এক বৃহৎ সমাজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ ভাৰতবৰ্ষ ভ্ৰমণ কৰা আটলান্টাৰ অধ্যাপক ৱাল্টাৰ আৰ্ল ফালকাৰে বিশ্বক শান্তিপূৰ্ণ সহাৱস্থান শিকোৱাৰ ক্ষেত্ৰত গান্ধীজীৰ ভূমিকাৰ কথা উল্লেখ কৰিছিল ৷ ইযাৰ পূৰ্বেও 1930 চনত গান্ধীজীক আমেৰিকাৰ সংবাদপত্ৰৰ শিৰোনামাৰ মাইলেজৰ ভিত্তিত ‘বছৰটোৰ শ্ৰেষ্ঠ মানুহ’ হিচাপে বিবেচনা কৰা হৈছিল ৷ অহিংসাৰ অৰ্থ সন্বন্ধীয় এক গৱেষণা পত্ৰত জেন চাৰ্পে লিখিছিল যে 1959 চনত ‘অহিংসা’,‘অহিংসা প্ৰতিৰোধ’,‘সত্যাগ্ৰহ’ আৰু ‘শান্তিবাদ’ আদি শব্দসমূহ নিউইয়ৰ্ক টাইমছ,দি টাইমছ,মানচেষ্টাৰ গাৰ্ডিয়ান আদি সংবাদপত্ৰসমূহত প্ৰায়েই উদ্ধৃত হৈছিল ৷
1955-56 চনত যেতিয়া মন্ট’গ’মৰীৰ কৃষ্ণবৰ্ণসকলে এবছৰ বাবে অহিংসাৰ বহিষ্কাৰ কৰিছিল ৷ ডেনিলো ডলচিক এজন অহিংসাৰ ভোকাতুৰ চিচিলিয়ান সকলৰ নেতৃত্ব দিয়াৰ বাবে আটক কৰা হৈছিল ৷ ওৱেলচৰ জাতীয়তাবাদীসকলে ওৱেলচ চৰকাৰৰ পক্ষত অহিংসা প্ৰতিৰোধৰ ব্যৱহাৰ কৰিছিল ৷ তানজানিয়াৰ নেতা জুলিয়াচ নাইৰে গান্ধীজীৰ দ্বাৰা প্ৰভাৱিত হৈছিল কাৰণ তেখেতে তাঙ্গানিকাৰ বিপ্লৱক অ-বৰ্ণবাদ চপাই দিয়াৰ চেষ্টা কৰিছিল ৷ ই জ্ঞানৰ এক সাহসী অংশ আছিল ৷ ইয়াৰ উপৰিও তেখেতৰ সবাতোকৈ উৎসাহী ছাত্ৰসকলৰ ভিতৰত নাইজেৰিয়াৰ আমীনো কানো আছিল যি এজন ধৰ্মনিষ্ঠ মুছলিম আছিল আৰু তেখেতে গান্ধীজীৰ অহিংসাৰ কৌশলসমূহ উত্তৰ নাইজেৰিয়াৰ সৈতে মানি লোৱাৰ প্ৰয়াস কৰিছিল ৷
পশ্চিমীয়া জীৱনশৈলী পৰিয়াল আৰু আমাৰ বহু শতাব্দী জুৰি পালন কৰি অহা মূল্যবোধৰ বিচ্ছেদৰ পৰিণতি আৰু ধাৰণা হিচাপে অনুমান কৰা হয় ৷ কিন্তু জেনেৰেচন ‘এক্স’ লাহে লাহে স্বীকাৰ কৰিছে যে গান্ধীজী ভাৰতবৰ্ষৰ সৈতে প্ৰাসংগিক আৰু সম্প্ৰতি বিশ্ব হিংসাৰে জৰ্জৰিত ৷ গান্ধী হ’ল শান্তি আৰু সম্প্ৰীতিৰ সন্ধানত আজিৰ বিভ্ৰান্ত বিশ্বৰ সৰ্বাধিক উৰ্ধৰ পথ ৷
ড৹ নিতা এম খাণ্ডপেকৰ