ETV Bharat / bharat

লাহোলৰ প্ৰথমটো তুষাৰপাত উপভোগ পৰ্যটকৰ

author img

By

Published : Nov 2, 2020, 5:48 PM IST

হিমাচলৰ লাহোল উপত্যকাত এতিয়া ভিৰ কৰিছেহি পৰ্যটকে ৷ প্ৰায় সহস্ৰাধিক পৰ্যটকে হিমাচল প্ৰদেশৰ এই উপত্যকাত ঋতুকালীন সৌন্দৰ্য উপভোগ কৰিবৰ বাবে উপস্থিত হৈছে ৷ লগতে পৰ্যটকসকলে শেহতীয়াকৈ মুকলি কৰা অত্যাধুনিক প্ৰযুক্তি সম্পন্ন অটল সুৰংগ আৰু সিচ্ছু হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰে ৷

Lahaul sees influx of tourists with season's first snow Etv bharat news
লাহোলৰ প্ৰথমটো তুষাৰপাত উপভোগ পৰ্যটকৰ

কিলংগ,2 নৱেম্বৰ : হিমাচল প্ৰদেশৰ লাহোল উপত্যকাত সাপ্তাহান্তিক অৱসৰ বিনোদনৰ বাবে ভিৰ বৈছেহি পৰ্যটকৰ ৷ শীতৰ আগমনৰ লগে লগে অধিক মনোমোহা হৈ পৰিছে উপত্যকাটোৰ সৌন্দৰ্য ৷ উপত্যকাটোত বছৰটোৰ প্ৰথমটো তুষাৰপাত উপভোগ কৰে পৰ্যটকসকলে ৷ বিগত 31 অক্টোবৰত এই তুষাৰপাতৰ ফলত এখনি শুকুলা চাদৰে আৱৰি ধৰা যেন দেখা হৈছিল উপত্যকাটোক ৷ এই তুষাৰপাতে লাহোল-স্পীতি জিলাৰ কীলোংগ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহ ভৰাই তুলি দুগুণে বৃদ্ধি কৰে সৌন্দৰ্য ৷ এই সময়ছোৱাত পৰ্যটকসকলে শেহতীয়াকৈ মুকলি কৰা অত্যাধুনিক প্ৰযুক্তি সম্পন্ন অটল সুৰংগ আৰু সিচ্ছু হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰে ৷

শীতৰ আগমনৰ লগে লগে বৃদ্ধি পোৱা পৰ্যটকৰ সংখ্যাক কেন্দ্ৰ কৰি বৰ্তমান অভাৱ ঘটিছে ৰাজ্যখনৰ হোটেল আৰু অতিথিশালাসমূহৰ কোঠাৰ ৷ এই বিষয়ে প্ৰকাশ কৰিছে লাহোলৰ হোটেল এশ্বছিয়েছনৰ অধ্যক্ষ বীৰ সিঙে ৷ সম্প্ৰতি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো খোলাৰ ব্যৱস্থা কৰিছে বিক্ৰেতাসকলে ৷ বিগত সময়ত ৰাজ্যখনৰ প্ৰায়বোৰ বিপণী কোভিড 19 ৰ বাবে বন্ধ ৰখা হৈছিল ৷ সম্প্ৰতি তুষাৰপাত হোৱা অঞ্চলসমূহত পৰ্যটকৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ 18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.