ETV Bharat / bharat

ভাৰতীয় সংবিধানৰ কিছু কথা

author img

By

Published : Nov 27, 2019, 4:19 PM IST

ভাৰতৰ মূল সংবিধানখন প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদায়ে সুন্দৰ লিখনীৰে ইটালিক্স আখৰৰে 6 মাহৰ ভিতৰত সংবিধানখন লিখি উলিয়াইছিল ৷ আনহাতে নন্দলাল বচে শান্তিনিকেতনৰ কলা কুশলীৰ সহায়ত সংবিধানৰ প্ৰতিটো পৃষ্ঠাত চিত্ৰাংকন কৰিছিল ৷

Know more about your Constitution
ভাৰতীয় সংবিধানৰ কিছু কথা

প্ৰতি বছৰ সংবিধান গৃহীত কৰাৰ দিনটো সংবিধান দিৱস বা ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে পালন কৰা হয় ৷ 1949 চনৰ 26 নৱেম্বৰৰ দিনা সংবিধান সভাই গ্ৰহণ কৰিছিল ভাৰতৰ সংবিধান আৰু 1950 চনৰ 26 জানুৱাৰীৰ দিনা সংবিধানখন প্ৰণয়ন কৰা হৈছিল ৷

সংবিধানৰ বিষয়ে জানিব লগীয়া কিছু কথা:

সংবিধানখনৰ খচৰা প্ৰস্তুত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ডঃ বি আৰ আম্বেদকাৰে ৷ এই খচৰাত বহু প্ৰকাৰৰ গেৰেন্টী আৰু সুৰক্ষাৰ কথা উল্লেখ আছে ৷

Know more about your Constitution
ভাৰতীয় সংবিধানৰ কিছু কথা

45 টা অংশ 448 টা অনুচ্ছেদ আৰু 12 টা অনুসূচীৰে ভাৰতীয় সংবিধানখন বিশ্বৰ দীৰ্ঘতম হাতে লিখা সংবিধান ৷

সংবিধান সভা স্বতন্ত্ৰ ভাৰতৰ প্ৰথম সংসদ আছিল আৰু ডাঃ সচিদানন্দ সিন্হা সংবিধান সভাৰ 1946 চনৰ 9 ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰথম মেলখনৰ অধ্যক্ষ আছিল ৷

সংবিধানৰ অন্তিম খচৰা প্ৰস্তুত কৰোতে 2 বছৰ 11 মাহ আৰু 18 দিনৰ প্ৰয়োজন হৈছিল ৷ ইয়াৰ পিছত খচৰা প্ৰস্তুত কৰি চৰ্চাৰ বাবে আগবঢ়াই দিয়া হৈছিল তেতিয়া 2000 তকৈ বেছি সংশোধনী কৰা হৈছিল ৷

সংবিধানৰ ইংৰাজী আৰু হিন্দীত হস্তলিখিত মূল পাণ্ডুলিপি কেইটা সংসদৰ পুথিভৰাঁলত হিলিয়ামৰ কেছত সংৰক্ষণ কৰি ৰখা হৈছে ৷

1950 চনৰ 26 জানুৱাৰীৰ দিনা প্ৰণয়ন হোৱা সংবিধানখনত সংবিধান সভাৰ 284 গৰাকী সদস্যয়ে স্বাক্ষৰ কৰিছিল ৷

ভাৰতীয় সংবিধানখন ব্ৰিটেইন, আয়াৰলেণ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান, ফ্ৰান্স, পূৰ্বৰ ইউ এচ এচ আৰ, দক্ষিণ আফ্ৰিকা, জাৰ্মানী, আষ্ট্ৰেলিয়া আৰু কানাডাৰ পৰা ধাৰ লোৱা হৈছে ৷

দেশৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে সংবিধানৰ প্ৰথম সংশোধনী, সংবিধান অধিনিয়ম 1951ৰ দ্বাৰা কৰিছিল ৷ প্ৰথম সংশোধনীত অনুচ্ছেদ 15, 19, 85, 87, 174, 176, 341, 342, 372 আৰু 376ৰ সংশোধনী কৰা হৈছিল ৷ এই পৰ্যন্ত আমাৰ দেশৰ সংবিধানখন 103 বাৰ সংশোধন কৰা হৈছে ৷

11 জুন 1947ত হায়দৰাবাদৰ নিজামে ঘোষণা কৰিছিল যে তেওঁ ভাৰত আৰু পাকিস্তান উভয় দেশৰ সংবিধান সভাত অংশগ্ৰহণ নকৰে আৰু কোনো প্ৰতিনিধি সংসদনলৈ নপঠিয়াই ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.