ETV Bharat / bharat

তবলিগী জামাতৰ বিষয়ে কিছু কথা !

author img

By

Published : Apr 4, 2020, 3:43 PM IST

এটা ধৰ্মীয় অনুষ্ঠানৰ বাবে প্ৰায় 2000 মানুহ দিল্লীৰ নিজামুদ্দিনৰ এটা মছজিদত সমবেত হৈছিল ৷ বৰ্তমান এই স্থান ভাৰতত ক'ভিড-19 সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে বিবেচিত হৈছে ৷ তবলিগী জামাত এটা অৰাজনৈতিক আন্তঃৰাষ্ট্ৰীয় চুন্নী মুছলিমৰ ধৰ্মপ্ৰচাৰক সংগঠন, যিয়ে এই জামাতৰ আয়োজন কৰিছিল ৷

KNOW AOBUT TABLIQUE
KNOW AOBUT TABLIQUE

1927 চনত মহম্মদ ইলিয়াছ আল-কান্ধলুৱীয়ে এই জামাত আৰম্ভ কৰিছিল ৷ 2010 চনত 150 খনতকৈও অধিক দেশৰ প্ৰায় 80 মিলিয়ন মানুহে এই জামাত অনুসৰণ কৰে ৷ তবলিগী জামাতৰ মতে, মুছলমানক ধৰ্মৰ ছটা স্তম্ভলৈ ঘূৰাই আনিবলৈ তবলিগৰ জৰিয়তে আমন্ত্ৰণ জনায় ইছলামৰ সুৱৰ্ণ যুগ অথবা খিলাফট প্ৰতিষ্ঠা কৰাই ইয়াৰ লক্ষ্য ৷

তবলিগী জামাতে মুছলমানক বিশেষকৈ ব্যক্তিগত আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা-ধৰ্মীয় ৰীতি-নীতি আদিৰ দ্বাৰা চুন্নী পন্থালৈ ঘূৰি আহিবলৈ আহ্বান জনায় ৷ বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভৱ বিস্তাৰকাৰী ধৰ্মীয় আন্দোলন হিচাপে ইয়াক কোৱা হয়৷ এই জামাতৰঅন্যতম বৈশিষ্ট হ'ল, ভাৰত উপমাহদেশৰ মছজিদৰ পৰাই ধৰ্ম প্ৰচাৰকসকলে সকলো ধৰণৰ কাৰ্যকলাপ চলায় ৷ তামিলনাডুত এনে এটা ভাইৰেল ভেক্টৰ ইৰোদৰ ক্লাষ্টাৰ হিচাপে বিশ্বাস কৰা হৈছে ৷ ধৰ্মপ্ৰচাৰক সকলে সাধাৰণতে 40 দিনৰ বাবে লোকসকলৰ লগত বাৰ্তালপ কৰে, তেওঁলোকক নামাজলৈ আমন্ত্ৰণ জনায় আৰু মছজিদত সভা আয়োজন কৰে ৷ ইয়াৰ দ্বাৰা জামাতৰ অনুগামী সকলক ঘৰৰ পৰা দূৰৈত হস্ৰকালীন ধৰ্মপ্ৰচাৰ অভিযানত অংশ ল'বলৈ অনুপ্ৰাণিত কৰা হয়, যাক কোৱা হয় খুৰুজ ৷

লগতে পঢ়ক : কোভিড-19 : আমেৰিকাত 24 ঘন্টাত নিহত 1,480 গৰাকী

এই অভিযান কেইবাদিন অথবা কেইবা মাহ চলে ৷ তবলিগী জামাতলৈ অহা প্ৰায় 1,500 মানুহ দেশজোৰা লক্ ডাউনৰ বাবে দিল্লীৰ পশ্চিম নিজামুদ্দিন অঞ্চলত আবদ্ধ হৈ আছিল ৷ যি সকলে যি কোনো প্ৰকাৰে নিজ ঘৰলৈ উভতি গৈছিল তেওঁলোকৰ পৰা দ্ৰুত ভাৱে কৰ'ণা সংক্ৰমণ হোৱা বুলি ধাৰণা কৰা হৈছে ৷ তেলেংগানাত ইন্দোনেছিয়াৰ লোকৰ আগমণৰ বাবে কৰিমনগৰ অঞ্চলক সংক্ৰমণৰ অভিকেন্দ্ৰ বুলি ধাৰণা কৰা হৈছে আৰু তামিলনাডুৰ ইৰোড জিলাক ক'ভিড-19ৰ কেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছে ৷ বিদেশৰ ধৰ্ম প্ৰচাৰকসকল চেন্নাই,কাঞ্চীপুৰম, থানজাভুৰ আদি চহৰত ভ্ৰমণ কৰি মছজিদ সমূহত আশ্ৰয় লৈছে ৷ 16 মাৰ্চত হায়দৰাবাদত দহজন ইন্দোনেছিয়াৰ ব্যক্তিক গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ তেওঁৰ দেহত ক'ভিড-19 ধৰা পৰে ৷ তেওঁলোক আটাইয়ে জামাতত অংশ লৈছিল ৷

লগতে পঢ়ক : ভাৰতৰ ক'ভিড-19 ৰ শেহতীয়া পৰিসংখ্যা !

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ সিঙে জনোৱা মতে, মাৰ্কাজত থকা 24 গৰাকী লোকৰ দেহত কৰ'ণা চিনাক্ত হৈছিল ৷ তাৰোপৰি 17 আক্ৰান্ত চিনাক্ত হৈছিল অন্ধ্ৰপ্ৰদেশত, যিসকল এই জামাতলৈ গৈছিল অথবা জামাতত অংশগ্ৰহণকাৰীৰ সংস্পৰ্শলৈ আহিছিল ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে আৰু সেই অঞ্চলটো বন্ধ কৰি দিয়ে ৷ লক্ ডাউনৰ বাবে মাৰ্কাজত আৱদ্ধ শতাধিক লোকক হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ আন এটা উদ্বেগজন বিষয় হ'ল যে, জামাতত অংশ গ্ৰহণকাৰীৰ তালিকাত জম্মু-কাশ্মীৰৰ অংশগ্ৰহণকাৰীৰ সংখ্যা অধিক ৷

নিসন্দেহে, তেওঁলোকৰৰ একাংশই নিজকে কোৱাৰেন্টাইন কৰা নাই আৰু বৰ্তমানেও আৰক্ষী আৰু প্ৰশাসনে তেওঁলোকক বিচাৰি আছে ৷ জানিব পৰা মতে, চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা জামাতত অংশ লোৱা মানুহৰ 50 পৃষ্ঠাজোৰা এখন তালিকা প্ৰস্তুত কৰিছে ৷ এই লোকসকলক চিনাক্ত কৰাৰ বাবেও বৰ্তমানেও প্ৰচেষ্টা অব্যাহত আছে ৷

লগতে পঢ়ক : COVID-19 আৰু ছুপাৰ স্প্ৰেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.