ETV Bharat / bharat

ভাৰতত কোভিড-19 বিয়পোৱাৰ কেন্দ্ৰস্থল নিজামুদ্দিন দৰগাহ - নিজামুদ্দিন দৰগাহ

10 জনক 16 মাৰ্চত ৰোগত আক্ৰান্ত হোৱাত হায়দৰাবাদৰ গান্ধী হস্পিতালত ভৰ্তি কৰোৱা হয় । তেওঁলোক আটায়ে এই সভাত অংশ লৈছিল । তাৰ পিচতেই দিল্লীত একেটা অনুষ্ঠানত অংশগ্ৰহণ কৰা 24 জন লোকৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাচ । তেনেদৰে অন্ধ্ৰটো পোৱা গৈছে 17 জন আক্ৰান্ত ।

ভাৰতত কোভিড-19 বিয়পোৱাৰ কেন্দ্ৰস্থল নিজামুদ্দিন দৰগাহ

author img

By

Published : Apr 1, 2020, 5:01 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন এলেকাত থকা এটি মছজিদ । এই মছজিদত আয়োজন কৰা হৈছিল এক ধৰ্মীয় সভা । উক্ত সভাত ইছলাম ধৰ্মাৱলম্বী দেশী-বিদেশী প্ৰায় 2000 লোক অংশ গ্ৰহণ কৰিছিল । বৰ্তমান এই স্থানেই ভাৰতত দ্ৰুত গতিত বৃদ্ধি পোৱা কভিড-19 আক্ৰান্ত মহামাৰীৰ কেন্দ্ৰস্থল বুলি প্ৰমাণিত হৈছে ।

তাবলিঘি জামাত হৈছে অ-ৰাজনৈতিক গোলকীয় ছুন্নী ইছলামিক মিছনাৰী সংস্থা । জামাত আন্দোলন 1927 চনত মহম্মদ ইলিয়াচ আল-কান্ধলৈৰ দ্বাৰা আৰম্ভ হৈছিল আৰু 2010 চন পৰ্যন্ত 150 খন দেখৰ পৰা 80 মিলিয়ন উপাসক হৈ এই সংস্থাৰ সদস্য হৈ পৰিছিল । ইছলামৰ মাজত সোণালী সময় অনাই এই অনুষ্ঠানৰ লক্ষ্য আছিল ।

বিশেষকৈ চুন্নী সকলৰ বাবে বিংশ শতিকাৰ এইটো এক প্ৰভাৱশালী ধৰ্মীয় আন্দোলন বুলি ইয়াক কোৱা হৈছিল ।

প্ৰচাৰকে 40 দিনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । তেওঁ ওচৰ-চুবুৰীয়াৰ লগত কথা বাৰ্তা পাতে, মদজিদলৈ নামাজ আৰু আলোচনাৰ বাবে লোকক নিমন্ত্ৰণ কৰে । তাৰ পিচত তেওঁলোকক ধৰ্ম প্ৰচাৰৰ বাবে অনুপ্ৰেৰণা যোগোৱা হয় আৰু ঘৰৰ পৰা দূৰৈৰ সৰু সৰু ধৰ্ম প্ৰচাৰ কাৰ্যসূচীৰ বাবে পথিওৱা হয় । এইবোৰ কাৰ্যসূচী কেইবাদিনৰো হ'ব পাৰে বা কেইবা মাহৰো হ'ব পাৰে ।

দিল্লীত অনুষ্ঠিত এনে ধৰ্মীয় সভাৰ পিচত দেশত লকডাউন জাৰি কৰা হোৱাত সভাত অংশগ্ৰহণ কৰা 1500 লোক নিজামুদ্দিন দৰগাহৰ পশ্চিমত থাকিবলৈ লয় । বিভিন্ন ঠাই ঘূৰি অহা প্ৰচাৰক 10 জনক 16 মাৰ্চত ৰোগত আক্ৰান্ত হোৱাত হায়দৰাবাদৰ গান্ধী হস্পিতালত ভৰ্তি কৰোৱা হয় । তেওঁলোক আটায়ে এই সভাত অংশ লৈছিল ।

তাৰ পিচতেই দিল্লীত একেটা অনুষ্ঠানত অংশগ্ৰহণ কৰা 24 জন লোকৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । তেনেদৰে অন্ধ্ৰটো পোৱা গৈছে 17 জন আক্ৰান্ত ।

তাৰ পিছতেই চৰকাৰে তাত অংশ লোৱা লোকৰ 50 পৃষ্ঠাৰ এখন তালিকা প্ৰস্তুত কৰিছে আৰু লোক সকলক বিচাৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে । কিন্তু সমগ্ৰ ভাৰতেতে সিঁচৰিত হৈ পৰা সকলো লোককে শীঘ্ৰেই বিচাৰি উলিওৱটো কঠিন প্ৰত্যাহ্বান হৈ পৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.