ETV Bharat / bharat

অনলাইনযোগে অভিযোগ দাখিলৰ ব্যৱস্থা কেৰেলা আৰক্ষীৰ - আৰক্ষী কৰ্মীৰ কোভিড ১৯ পজিটিভ

কেৰালা আৰক্ষীয়ে ৰাইজৰ কিবা অভিযোগ থাকিলে অনলাইন FIR দিব পৰা ব্যৱস্থা কৰিছে। কোভিড ১৯ ৰ এই সংকটৰ সময়ত এতিয়াৰে পৰা ৰাজ্যবাসীয়ে আৰক্ষী চকীত নোযোৱাকৈ দাখিল কৰিব পাবিৰ অভিযোগ।

kerala Police
online amid surging cases of covid
author img

By

Published : Jun 7, 2020, 5:12 PM IST

নিউজ ডেস্ক, ৭ জুনঃ কেৰেলাত কেইবাগৰাকী আৰক্ষী কৰ্মীৰ কোভিড ১৯ পজিটিভ পোৱাৰ পাছত জ্যেষ্ঠ আৰক্ষী বিষয়াসহ মুঠ ২৪ গৰাকী আৰক্ষী কৰ্মী কোৱাণ্টাইনত থাকিবলগীয়া হৈছে। ইয়াৰ পাছতেই জেলত থকা এগৰাকী কয়দীৰ দেহত পোৱা গৈছিল কোভিড ১৯ ৰ উপস্থিতি । যাৰ ফলত জেলৰক্ষী কৰ্মীও হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া হয় । এনেবোৰ কথাৰ লগতে ৰাজ্যখনত বৃদ্ধি পোৱা কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিকল্প ব্যৱস্থ ৷

কেৰালা আৰক্ষীয়ে ৰাইজৰ কিবা অভিযোগ থাকিলে অনলাইন FIR দিব পৰা ব্যৱস্থা কৰিছে । কোভিড ১৯ ৰ এই সংকটৰ সময়ত আৰক্ষী চকীত নোযোৱাকৈ নিজৰ অভিযোগ দাখিল কৰিব পাৰিব ৰাজ্যবাসীয়ে ।

এই সন্দৰ্ভত কেৰালা আৰক্ষী সঞ্চালক প্ৰধান লোকনাথ বেহৰাই এক নিৰ্দেশনা জাৰী কৰিছে । তেখেতে উল্লেখ কৰা অনুসৰি, আৰক্ষী চকী সমূহত অনলাইন অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থাটো অতিকৈ গুৰুত্বপূৰ্ণ । অনলাইনৰ মাধ্যমেৰে দাখিল কৰা অভিযোগসমূহৰ শীঘ্ৰে সমাধান কৰা হ'ব বুলিও উল্লেখ কেৰালা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.