ETV Bharat / bharat

ষ্টুডেন্টছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ 8 সদস্যলৈ কেৰেলা আৰক্ষীৰ জাননী - ABVP

হত্যাৰ অভিসন্ধিৰ গোচৰত সাঙোৰ খাই পৰা 8গৰাকী সৰ্বভাৰতীয় ছাত্ৰনেতালৈ জাননী জাৰী কৰিছে কেৰেলা আৰক্ষীয়ে ৷

ষ্টুডেন্টছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ 8 সদস্যলৈ কেৰেলা আৰক্ষীৰ জাননী
author img

By

Published : Jul 15, 2019, 6:31 PM IST

নিউজ ডেস্ক,15 জুলাইঃ কেৰেলাৰ 8গৰাকী ছাত্ৰ নেতালৈ আৰক্ষীয়ে জাননী জাৰী কৰি আৰক্ষীৰ ওচৰত উপস্থিত হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ তিৰুৱন্তপুৰম বিশ্ববিদ্যালয়ৰ ছাত্ৰ অখিলৰ বিৰুদ্ধে হত্যাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগত আৰক্ষীয়ে জাৰী কৰিছে এই জাননী ৷

EtvBharatAssam
ষ্টুডেন্টছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ 8 সদস্য

স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ অখিলক বিগত 12 জুলাইত বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ভৱ হোৱা কাজিয়াৰ পৰিণতিত বেয়াকৈ মাৰপিট কৰিছিল ষ্টুডেন্টছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সদস্যই ৷ পৰৱৰ্তী সময়ত মূমুৰ্ষ অৱস্থাত অখিলক ত্ৰিবান্দ্ৰম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ বৰ্তমানেও চিকিৎসাধীন হৈ থকা ছাত্ৰগৰাকীৰ ভাষ্যৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ শেহতীয়াকৈ কেৰেলা আৰক্ষীয়ে উক্ত ঘটনাত জড়িত থকাৰ অভিযোগত আঠগৰাকী ছাত্ৰ নেতালৈ জাননী জাৰী কৰিছে ৷ উক্ত ঘটনাৰ পিচত বৰ্তমানেও বিশ্ববিদ্যালয়ৰ চৌহদত কে এছ ইউ, এম এছ এফ আৰু এ বি ভি পিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

Intro:Body:

Kerala Police issue lookout notice against 8 SFI members in attempt to murder

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.