নিউজ ডেস্ক,9 ফেব্ৰুৱাৰী: কেৰালাৰ কাছাৰাগোড় জিলাত মেগালিথিক যুগৰ সভ্যতাৰ কেইবাটাও ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈছে ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা ইতিহাসবিদসকলে মেগালিথিক যুগৰ বিভিন্ন শিলালিপি আৰু স্থাপত্যৰ ভগ্নাৱশেষ উদ্ধাৰ কৰিছে ৷ শেহতীয়াকৈ বিখ্যাত শিলৰ যুগৰ বিভিন্ন সা-সামগ্ৰী জিলাখনৰ কিনানুৰ গাঁৱৰ পৰা উদ্ধাৰ হৈছে ৷ মাটিৰে তৈয়াৰী বিভিন্ন ৰঙৰ পাত্ৰ, শিলালিপি তথা মৃত লোকক কবৰ দিয়া গুহাও উদ্ধাৰ কৰা হৈছে ৷ সম্প্ৰতি জিলাখনত 100ৰো অধিক প্ৰাচীন ভগ্নাৱশেষ উদ্ধাৰ হৈছে ৷
স্থানীয় বাসিন্দাৰ পৰা এই সন্দৰ্ভত তথ্য লাভ কৰি ইতিহাসবিদ তথা গৱেষকৰ দল এই স্থানত উপস্থিত হৈ সামগ্ৰীসমূহ উদ্ধাৰ কৰে ৷ ইয়াৰ ভিতৰত 10 টা লেটেৰাইট শিলৰ গুহা, 7 টা লেটেৰাইট গুহা যাক স্থানীয় ভাষাত ‘মুনিয়াৰা’ আৰু ‘নিধিক্কুঝি’ বুলি জনা যায় ৷ উল্লেখ্য যে, এই 10 টা গুহাৰ ভিতৰত 7 টা গুৱা গুপ্ত চিকাৰীৰ দ্বাৰা ধ্বংস কৰা বুলি ধাৰণা কৰা হৈছে ৷
ইয়াৰ উপৰিও উদ্ধাৰ কৰা পাত্ৰসমূহ ক’লা, হালধীয়া, নীলা আদি ৰঙৰ বুলি জানিব পৰা গৈছে ৷ ইতিহাসবিদসকলে জনায় যে, মেগালিথিক যুগতে নীলা ৰঙৰ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল ৷