ETV Bharat / bharat

বনাঞ্চলৰ বাসিন্দাৰ বাবে কেৰালাৰ বিশেষ পদক্ষেপ

কেৰালা বন বিভাগৰ বিশেষ পদক্ষেপ ৷ জনজাতীয় লোকৰ সেৱাৰ্থে উন্মোচন 'ভানিকা' আঁচনি ৷

জনজাতীয় লোকৰ সেৱাৰ্থে উন্মোচন 'ভানিকা' আঁচনি
বনাঞ্চলৰ বাসিন্দাৰ বাবে কেৰালাৰ বিশেষ পদক্ষেপ
author img

By

Published : Apr 3, 2020, 5:31 PM IST

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : বনাঞ্চলত বাস কৰা জনজাতিসমূহৰ সমৰ্থনত কেৰালা বন বিভাগে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ কট্টোৰ আগষ্ঠাভানম জৈৱিক উদ্যানত 'ভানিকা' নামৰ এক আঁচনিৰ উদ্ধোধন কৰা হৈছে ৷ এই আঁচনিৰ জৰিয়তে বনাঞ্চলত বাস কৰা জনজাতীয় লোকসকলৰ খাদ্য আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে ৷

তথ্য অনুসৰি, লকডাউনৰ ফলত এই জনজাতিসমূহে উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ সমস্যাৰ সন্মুখীন হৈছে ৷ কট্টোৰ, মানগডো আৰু অৰু অঞ্চলত প্ৰায় 200 জনজাতীয় পৰিয়ালে বাস কৰে ৷

এই আঁচনিৰ জৰিয়তে পৰিয়ালসমূহে আম, কঁঠাল, কাজু, মৌ আৰু অন্যন্যা সামগ্ৰীসমূহ বনাঞ্চলৰ পৰা আনি বিক্ৰী কৰিব পাৰিব ৷

ইয়াৰোপৰি, এই সামগ্ৰীসমূহ বিভিন্ন গাঁও আৰু চহৰলৈ প্ৰেৰণৰ দায়িত্ব গ্ৰহণ কৰিছে 'ভানিকা'ই ৷

ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত বন বিষয়া গোপিকাই কয়, বন বিভাগে বনাঞ্চলত উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰি জিলাখনৰ অন্যান্য অঞ্চললৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰোপৰি, বিভাগৰ দ্বাৰা পৰিচালিত হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে গ্ৰাহকৰ প্ৰয়োজনীয় সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব ৷

এই আঁচনিৰ জৰিয়তে বনাঞ্চলত বাস কৰা লোকসকলৰ খাদ্য আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই প্ৰচেষ্টাই সৰ্বত্ৰ চৰ্চা লাভ কৰাৰ লগতে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

ইয়াৰোপৰি, এই জনজাতীয় লোকসকলৰ পৰা অন্যান্য লোকে বুধবাৰ আৰু শনিবাৰে পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ৷

আৰু পঢ়ক :

লক ডাউনৰ সময়ত কি কৰিব কি নকৰিব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.