নেশ্যনেল ডেস্ক, ৬ জুন: কেৰালাৰ গৰ্ভৱতী বন্যহস্তী হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তজনে নিজৰ দোষ স্বীকাৰ কৰি এই সন্দৰ্ভত কয় যে, বনৰীয়া জন্তুৰ চিকাৰ কৰিবলৈ আনাৰসৰ ভিতৰত বোমা সংযোগ কৰি থৈছিল তেওঁ । শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্ত কিংপিন উইলচনৰ এই স্বীকাৰোক্তি ৰেকৰ্ড কৰে । অৱশ্যে ঘটনাৰ সৈতে জড়িত আন দুই অপৰাধী বাগানখনৰ মালিক আব্দুল কৰীম আৰু তেওঁৰ পুত্ৰ ৰিয়াজুদ্দিন এতিয়াও পলাতক অৱস্থাত আছে ।
অপৰাধী উইলচনে আৰক্ষীক বোমা প্ৰস্তুত কৰা বাগানৰ ঠাইখিনিলৈ লৈ যায় । সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে বোমা নিৰ্মানৰ সৈতে জড়িত বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে । আৰক্ষীৰ সোধ-পোচত গম পোৱা গৈছে যে, বন্যপ্ৰাণীসমূহৰ হত্যা কৰি সেইসমূহ বিক্ৰী কৰা ব্যৱসায়ত উইলচন জড়িত হৈ আছে । বনাঞ্চল, বন্যপ্ৰাণী সংৰক্ষণ আৰু বিস্ফোৰক আইনৰ সংশ্লিষ্ট ধাৰাৰ ভিত্তিত অভিযুক্ত উইলচনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক: জৰ্জিয়াত বিমান দুৰ্ঘটনা, নিহত ৫