ETV Bharat / bharat

কেৰালাৰ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ই-লাৰ্ণিং পোৰ্টেল

author img

By

Published : Jun 3, 2020, 1:16 PM IST

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত কেৰালা চৰকাৰে মুকলি কৰিলে www.kidglove.in নামৰ ই-লাৰ্ণিং পৰ্টেল। এই আধুনিক শিক্ষা পদ্ধতিয়ে শিশুলকলৰ লগতে অভিভাৱক আৰু শিক্ষকসকলকো সহায় কৰিব বুলি কেৰালা আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰে।

e-learning portal
Kerala CM launches e-learning portal for students amid corona outbreak

নিউজ ডেস্ক, ৩ জুনঃ কোভিড ১৯ সংকটৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজায়ানে সোমবাৰে মুকলি কৰিলে এটা ই-লাৰ্ণিং পৰ্টেল। ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে যাতে ডিজিটেল মাধ্যৰেৰে শিক্ষাগ্ৰহণ কৰিব পাৰে বাবে তাৰ প্ৰতি লক্ষ্য ৰাখি ই-লাৰ্ণিং পোৰ্টেলটো মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কেৰালা আৰক্ষীয়ে অষ্ট্ৰলিয়াৰ 'ই-চেফটি' কমিচনাৰৰ কাৰ্যালয় তথা তথ্য আৰু প্ৰযুক্তিবিদ্যা গৱেষণা কেন্দ্ৰৰ সহায়ত এই 'ই-চেফটি মেকানিজিম'ৰ উন্নতিসাধন কৰিছে ।

এই ই-লাৰ্ণিং পোৰ্টেল ব্যৱহাৰৰ বাবে প্ৰথমে সকলো অভিভাৱক আৰু শিক্ষকক ছাইবাৰ সুৰক্ষা সন্দৰ্ভত সজাগতামূলক শিক্ষা প্ৰদান কৰা হ'ব। কেলাৰা আৰক্ষীৰ ছাইবাৰ অপৰাধ শাখাৰ উপআৰক্ষী সঞ্চালক প্ৰধান মনোজ আব্ৰাহামে প্ৰকাশ কৰে এই কথা। www.kidglove.in পোৰ্টেলৰ জড়িয়তে শিক্ষাৰ্থীসকলক 'লাইভ ক্লাচ' তথা 'ৰবটিক ভাৰ্চুৱেল' শ্ৰেণীকোঠা সম্পৰ্কে প্ৰশিক্ষণ দিয়া হ'ব। লগতে, সম্পৰ্ণৰূপে প্ৰশিক্ষণ লাভ কৰা সকলক কেৰালা আৰক্ষীয়ে এখন প্ৰমাণ পত্ৰ প্ৰদান কৰিব বুলি মনোজ আব্ৰাহামে জানিবলৈ দিয়ে। এই ই-লাৰ্ণিং আধুনিক শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু শিক্ষকসকলকো সহায় কৰিব । তদুপৰি, এই ই-লানিং ব্যৱস্থাই শিশুসকলক সুৰক্ষিতভাৱে ইণ্টাৰনেটৰ ব্যৱহাৰ সন্দৰ্ভতো সহায় কৰিব বুলি উপআৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.