ETV Bharat / bharat

কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নক সমালোচনা বিজেপিৰ - সুৰেন্দ্ৰনে

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কেৰালাৰ প্ৰৱাসীসকলক উভতাই অনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ বৰ্তাই নৰখা অৰ্থাৎ সহযোগ কৰাত বিফল বুলি বৃহস্পতিবাৰে মত ব্যক্ত কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সুৰেন্দ্ৰনে ।

কেৰালা
কেৰালাৰ প্ৰৱাসীক গৃহৰাজ্যলৈ উভতাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী বিজয়ন বিফল বুলি মন্তব্য বিজেপিৰ
author img

By

Published : Jun 26, 2020, 9:36 AM IST

নিউজ ডেস্ক, ২৬ জুনঃ কেন্দ্ৰীয় চৰকাৰ সৈতে যোগাযোগ বৰ্তাই ৰখাত বিফল বুলি মত ব্যক্ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ । বৃহস্পতিবাৰে এই কথা সদৰি কৰে কেৰালাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক ইউনিটে ।

কেৰালা
কেৰালাৰ প্ৰৱাসীক গৃহৰাজ্যলৈ উভতাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী বিজয়ন বিফল বুলি মন্তব্য বিজেপিৰ

ৰাজ্য়খনৰ বিজেপিৰ ৰাজ্যিক সভাপতি সুৰেন্দ্ৰনে কয়, "লক ডাউনৰ সময়ত কেৰালাৰ প্ৰৱাসী সকলক উভতাই লৈ অহা সন্দৰ্ভত মুখ্যমন্ত্ৰী বিজয়নে পূৰ্বৰ অৱস্থান সলনি কৰি মত ব্যক্ত কৰিবলৈ বাধ্য হয় । কেৰালাৰ প্ৰৱাসীসকলৰ সন্দৰ্ভত বিজয়নে এটা কথা ব্যক্ত কৰি তাৰ পাচত সেইটো পুনৰ সলনি কৰি দিয়ে । তাৰ পাচত পুনৰ এটা নতুন প্ৰস্তাৱ লৈ আহে । কিছুমান বিষয় এনে আছে যি কেৱল কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰে । কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক মন্ত্ৰী ভি মুৰলীধৰণে প্ৰৱাসী ভাৰতীয় সকলক উভতাই অনাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাত মুখ্যমন্ত্ৰী বিজয়নে এই সন্দৰ্ভত দ্ৰুত হাৰত খেল খেলিবলৈ আৰম্ভ কৰিছিল ।

বিজয়নে পোনপ্ৰথমে সেইসকল ব্যক্তিক আদৰণি জনাই যি সকলে গৃহ ৰাজ্যলৈ উভতি আহিব বিচাৰে । তাৰ পাচত মুখ্যমন্ত্ৰী বিজয়নে কেৱল কৰ'ণা নিগেটিভৰ প্ৰমাণ পত্ৰ থকা ব্যক্তিসকলকহে বিমান যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা বুলি নিজৰ মন্তব্য সলনি কৰে ।"

উল্লেখ্য যে, ২৪ জুনত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে প্ৰৱাসী ভাৰতীয়সকলে গৃহ ৰাজ্য কেৰালালৈ উভতি অহা সময়ত পিপিই কীট, মাস্ক, মুখমণ্ডল ঢকা সামগ্ৰী পৰিধাণ কৰাৰ লগতে বিমান যাত্ৰাৰ কৰাৰ আগত কৰ'ণা টেষ্টৰ প্ৰমাণ পত্ৰ থকাটো জৰুৰী বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত প্ৰাণ হেৰুৱালে ১০৮ গৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.