নেশ্যনেল ডেস্ক,5 জানুৱাৰী: এভিয়ান বাৰ্ড ফ্লুৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কেৰালাত ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত H5N8 ভাইৰাছত আক্ৰান্ত হৈছে পক্ষী কুল ৷ সোমবাৰে কোত্তিয়াম আৰু আলাপুজ্জা জিলাত পক্ষীকুলৰ দেহত ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাচতে মঙলবাৰেও ইয়াৰ প্ৰভাৱ আন আন ঠাই সমূহত দেখা দিয়াত শংকিত হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগ ৷ কেৰালা স্বাস্থ্য বিভাগে ৰাজ্যখনত সতৰ্কতা জাৰি কৰাৰ লগতে পক্ষীকুলৰ দেহত H5N8 ভাইৰাছৰ উপস্থিতি পৰীক্ষা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে পৰীক্ষা কৰাৰ বাবে দুটাকৈ স্বাস্থ্য বিভাগৰ দল নিয়োগ কৰিছে ৷
![Kerala Bird flu: Culling of birds begins in the affected regions in two districts](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kl-alp-01-05-bird-flu-culling-process-burining-started-kl10005_05012021160213_0501f_1609842733_1086.jpeg)
ৰাজ্য পশুপালন,স্বাস্থ্য আৰু ৰাজহ বিভাগ আৰু স্থানীয় প্ৰশাসনৰ লগতে চেনিটাইজেশ্বনৰ কৰ্মীসকলে প্ৰভাৱিত অঞ্চলৰ পৰা 1 কিলো মিটাৰ দূৰৰ পশু-পক্ষী সমূহৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অভিযান আৰম্ভ কৰিছে ৷ হাঁহ,কুকুৰাৰ ফাৰ্ম সমূহলৈ গৈ পিপিই কীট পৰিধান কৰি পৰীক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে ৷ পশু পালন বিভাগৰ জিলা বিষয়াৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশ ড০ শ্বাজি পানিক্কাচ্ছৰী আৰু অনিল ইউমেনক কোত্তিয়াম জিলাৰ দায়িত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷
লগতে পঢ়ক: বাৰ্ড ফ্লুৰ বাবে হাৰিয়ানাত লক্ষাধিক মুৰ্গীৰ মৃত্যু