ETV Bharat / bharat

দিল্লীত মেট্ৰ' সেৱা পুনৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰক অনুৰোধ কেজৰিৱালৰ

author img

By

Published : Aug 24, 2020, 8:18 AM IST

ৰাজধানী চহৰ দিল্লীত মেট্ৰ' সেৱা সমূহ পুনৰ আৰম্ভ কৰিবলৈ দিল্লী চৰকাৰে অনুৰোধ জনালে চৰকাৰক ৷ COVID-19ৰ প্ৰাদুৰ্ভাবৰ পাচত 22 মাৰ্চৰ পৰা চহৰখনত স্থগিত ৰখা হৈছিল মেট্ৰ' সেৱা ৷

কেজৰিৱাল
কেজৰিৱাল

নেশ্যনেল ডেস্ক, 24 আগষ্ট: দেওবাৰে দিল্লী চৰকাৰে ৰাজধানী খনত COVID-19ৰ প্ৰাদুৰ্ভাবৰ পাচত 22 মাৰ্চৰ পৰা স্থগিত ৰখা মেট্ৰ' সেৱা সম্প্ৰতি পুনৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে ৷

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, "আমি বিচাৰো যে মেট্ৰ' পৰিসেৱা সমূহ দিল্লীত পুনৰ আৰম্ভ কৰা হওক ৷আমি নিবিচাৰো যে ৰাষ্ট্ৰীয় ৰাজধানী চহৰ খনৰ সকলো প্ৰান্ততে সেই সেৱা সমূহ একেবাৰেই মুকলি কৰি দিয়া হওক, পৰ্যায়ক্ৰমে সেই সেৱা সমূহ আৰম্ভ হওক ৷"

"মই আশাবাদী যে, কেন্দ্ৰ চৰকাৰে শীঘ্ৰেই এই বিষয়ত উচিত নিৰ্ণয় গ্ৰহণ কৰিব যাতে ৰাইজে কিছু পৰিমাণে সকাহ পায় ৷ আমি কেন্দ্ৰ চৰকাৰৰ সৈতে কেইবাবাৰো এই সম্পৰ্কত আলোচনা কৰিছো ৷" এখন ভাৰ্চুৱেল বৈঠকযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

ইয়াৰোপৰি দিল্লী চৰকাৰে বাণিজ্যৰ লগত জড়িত লোকসকলৰ সৈতেও তেওঁলোকৰ সুবিধা-অসুবিধা সমূহৰ বিষয়ে বুজ লয় ৷ এই মহামাৰীৰ সময়ত বিধ্বস্ত হৈ পৰা অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁলোকে কেনেদৰে তেওঁলোকৰ আৰ্থিক অৱস্থা চলাই নিছে সেই সন্দৰ্ভত বুজ লয় দিল্লী চৰকাৰে ৷

কেজৰিৱালে কয়, "মই বুজিব পাৰো যে, এই সময়ত অৰ্থব্যৱস্থা বাৰুকৈয়ে বেয়া স্থিতিত আছে ৷ আপোনালোক সকলোৱে এক কঠিন সময় পাৰ কৰি আছে ৷ বহু লোকে নিজৰ চাকৰিও হেৰুৱাই পেলাইছে ৷"

তেওঁলোকৰ চৰকাৰৰ পূৰ্বৰ কাৰ্যকালৰ কথা উল্লেখ কৰি তেওঁ কয়, দিল্লীবাসীয়ে বিগত 5 বছৰে একেলগে ভাল সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ "মই সকলোকে আশ্বস্ত কৰিব বিচাৰিছো যে আমি একেলগে নিম্নগামী অৰ্থনীতিও পুনৰ ঠিক কৰিম ৷"

"আমি আমাৰ বহু পণ্যৰ মূল্য নিৰ্ধাৰিত কৰো 12 শতাংশৰ পৰা 5 শতাংশলৈ হ্ৰাস কৰিছো ৷ আমি কোনো ছাপ অবিহনেই এনে কৰিব পাৰিছো ৷"

লগতে পঢ়ক: 260,000 পাউণ্ডত নিলাম হ'ল গান্ধীৰ সোণ খোদিত চছমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.